গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত সৰ্বশক্তিৰে নামিব আম আদমী পাৰ্টী, কিমানজনক দিলে প্ৰাৰ্থিত্ব

 


দিল্লীৰ পিছত পঞ্জাৱত চৰকাৰ গঠন কৰা আম আদমী পাৰ্টীৰ আত্মবিশ্বাস স্বাভাৱিকতে বৃদ্ধি পাইছে। এনে ভিত্তিতে আপে শেহতীয়াকৈ মোদীৰ উত্থান ভূমি গুজৰাটত পদাপৰ্ণ কৰিছে আৰু শেহতীয়াকৈ চকু দিছে অসমৰ ফালেও। এই উদ্দেশ্যে দলটোৱে বিশেষকৈ অসমৰ ৰাজনীতিৰ আন এটা গুৰুত্বপূৰ্ণ অংশ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অংশ ল'বলৈ সাজু হৈছে। আপে  (Aam Aadmi Party) পৌৰ নিগমৰ ৬০ ৱাৰ্ডৰ ৪০খনতে প্ৰাৰ্থী প্ৰদান কৰিছে। পৌৰ নিগম দখলৰ বাবে আপৰ এই প্ৰচেষ্টাই কিমানদূৰ সফলতা প্ৰাপ্ত কৰিব সেয়া জনা নাযায় যদিও আপে যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত (GMC Election) বিশেষ যুঁজ দিব, সেয়া নিশ্চিত।

আপৰ এগৰাকী নেতা উল্লেখ কৰে যে গুৱাহাটীবাসীয়ে কংগ্ৰেছ (Congress) -বিজেপিক (BJP) দেখিছে, এই দলবোৰে নৰ্দমা পৰিষ্কাৰ কৰাকে ধৰি স্বাস্থ্যসেৱা আদিৰ দৰে জৰুৰী বিষয়ত নাগৰিকক সন্তুষ্টি দিবলৈ সক্ষম হোৱা নাই। গতিকে গুৱাহাটীৰ মানুহে এক গ্ৰহণযোগ্য বিকল্প বিচাৰি আছে, এই বিকল্প আপ হ'ব পাৰে।

উল্লেখ্য, আপে লখিমপুৰ আৰু তিনিচুকীয়াত পৌৰ নিৰ্বাচনত (Civic Polls) দুগৰাকীকৈ ৱাৰ্ড সদস্য জয়ী কৰাইছে যোৱা মাহত হৈ যোৱা পৌৰ নিৰ্বাচনত। গতিকে স্বাভাৱিকতে আপে এইবাৰ গুৱাহাটী পৌৰ নিৰ্বাচনৰ (GMC Election) মাজেৰে অসমৰ ৰাজনীতিত ভালদৰে সোমাবলৈ আশা ৰাখিছে।

Post a Comment

0 Comments