হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয়... অজয় দেৱগন আৰু কিচ্চা সুদীপৰ টুইটাৰত বাকযুদ্ধ, জানক বিতৰ্কৰ সবিশেষ


 কানাড়া অভিনেতা কিচ্চা সুদীপে হিন্দী ভাষাক লৈ দিয়া এক মন্তব্যত জাঙোৰ খাই উঠে বলিউডৰ অভিনেতা অজয় দেৱগন। ছচিয়েল মিডিয়াত ইয়াৰ পিছতে দুয়োৰে মাজত বিতৰ্ক আৰম্ভ হয়। জানক বিতৰ্কৰ সবিশেষ।

দৰাচলতে এটা ইভেণ্টত সুদীপে  কৈছিল যে হিন্দী এতিয়া আৰু ৰাষ্ট্ৰভাষা নহয়। বলিউডে এতিয়া পেন ইণ্ডিয়া ছবি নিৰ্মাণ কৰি আছে। তেওঁলোকে ছবিবোৰ তামিল আৰু তেলেগুত ডাব কৰিছে কিন্তু তেওঁলোকৰ দ্বাৰা একো হৈ উঠা নাই। আমি এতিয়া এনে ছবি নিৰ্মাণ কৰিছো যিবোৰ সকলো ঠাইতে মানুহে চাইছে। কিচ্চাৰ এই মন্তব্য অজয় দেৱগনে ভাল নাপালে আৰু টুইট কৰিলে– "কিচ্চা সুদীপ মোৰ ভাই, আপোনাৰ মতে যদি হিন্দী আমাৰ ৰাষ্ট্ৰভাষা নহয় তেনেহ’লে আপুনি নিজৰ মাতৃভাষাৰ চিনেমাসমূহ হিন্দীত ডাব কৰি কিয় ৰিলিজ কৰে? হিন্দী আমাৰ মাতৃভাষা আৰু ৰাষ্ট্ৰীয় ভাষা আছিল আৰু হৈ থাকিব। জন গণ মন.."

Post a Comment

0 Comments