এটা ৱাৰ্ডতো জয়ৰ মুখ নেদেখিলে কংগ্ৰেছে, ফলাফলৰ পিছতে ভূপেন বৰাক বিজেপিৰ এজেণ্ট আখ্যা AIUDFৰ বিধায়কৰ

 


'GMCত আমি প্ৰাৰ্থী দিয়া নাই কিন্ত আমি ভাবিছিলো চেকুলাৰ ভোট খিনি লগ হ'লে কংগ্ৰেছৰ ভাল হ'ব। গুৱাহাটীৰ মানুহে কংগ্রেছক ৰিজেক্ট কৰিছে। কংগ্ৰেছে দুখনমান আসন পালে ভাল পালো হয়। ভূপেন বৰা বিজেপিৰ এজেণ্ট বুলি প্ৰমাণ হ'ল। আমি নিৰ্বাচন খেলাই নাই গতিকে কংগ্ৰেছৰ বাবে বিজেপিক প্ৰতিহত কৰাৰ সুযোগ আছিল।কিন্তু বিজেপিৰ লগত যুঁজেই নিদিলে কংগ্ৰেছে।'- গুৱাহাটী পৌৰনিগমৰ ফলাফল ঘোষণা হোৱাৰ পিছতে এই মন্তব্য AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ।

ৰফিকুল ইছলামে লগতে কয় যে,  'বিজেপিয়ে এতিয়া মইমতালি কৰাৰ সুযোগ পাব কাৰণ পৌৰ নিগমটো বিৰোধী নাই। AAP আৰু AJP ক শুভেচ্ছা দিছো। এই জয়ে বিজেপি ৰ মুখত এটা তামাছা মাৰিছে। এই জয়ে বিজেপিক এটা শিক্ষা দিছে। ৰিপুন বৰাই নহয় সৰু সৰু গজাল কেইটামান আৰু মাৰিব বিস্মিতা গগৈকে ধৰি বহুকেইজন লাইনত আছে। কংগ্ৰেছৰ এজনতকৈ অধিক বিধায়কেAIUDF ৰ লগত যোগাযোগত আছে।'

Post a Comment

0 Comments