৫১ চনক ভিত্তবৰ্ষ হিচাপে লৈ NRC প্ৰস্তুতৰ দাবী প্ৰবীণ টোগাৰিয়াৰ, ডিএনএ পৰীক্ষা কৰি বাংলাদেশী মুছলমানক বিতাৰণৰ দাবী


 ৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ এন আৰ চি প্ৰস্তুতৰ দাবী প্ৰবীণ ভাই টোগাৰিয়াৰ। ডিএনএ পৰীক্ষা কৰি বাংলাদেশী মুছলমানক বিতাৰণৰ দাবী। সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ পৰিদৰ্শন কৰি ধুবুৰী জিলাত ডিএনএ পৰীক্ষা কৰি বাৰ লাখ বাংলাদেশী মুছলমানক পুনৰ বাংলাদেশলৈ প্ৰেৰণ কৰাৰ বাবে দাবী জনায় হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টোগাৰিয়াই।

উল্লেখযোগ্য যে বুধবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰংগ দলৰ সভাপতি প্ৰবীণ ভাই টোগাৰিয়া উপস্থিত হয়। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু বজৰংগ দলৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত কাৰ্যকর্তা সন্মিলন আৰু ত্ৰিশূল দীক্ষা সমাৰোহ অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি ডাঃ প্ৰবীণ ভাই টোগাৰিয়াই হিন্দু সুৰক্ষা সন্দৰ্ভত ভাষণ প্ৰদান কৰে।

ভাষণ প্ৰসংগত হিন্দুত্ববাদী নেতাগৰাকীয়ে কয় য়ে ভাৰতবৰ্ষ এখন দেশ যিখন ভাগ কৰি কৰি তিনিখন দেশ ক্ৰমে বাংলাদেশ, পাকিস্তান, পিছত আফগানিস্তান হয়। আৰু সেই ৰাষ্ট্ৰ তিনিখন ইছলামিক হয় যদিও ভাৰতবৰ্ষ হয় ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। য’ত ভূমি আমাৰ, ৰাজ্য আমাৰ, কিন্তু সংকটত আমি হিন্দু। সেহে আমি হিন্দুক ৰক্ষা কৰিবই লাগিব। এই প্ৰসংগতে ধুবুৰীৰ হিন্দুক সুৰক্ষা দিম বুলিও কয় নেতাগৰাকীয়ে।

এগৰাকী হিন্দুৰ বাবে ভাৰতৰ দুই কোটি হিন্দুক থিয় কৰাম বুলি টোগাৰিয়াই কয় ত্ৰিশূল সমাৰোহত। আমি যদি মৰি নাযাওঁ তেন্তে ভয় কিয় খাম বুলি দোহাৰে নেতাগৰাকীয়ে। জেহাদীৰ ভাৰতত স্থান নাই বুলি ভাষণত মন্তব্য কৰি টোগাৰিয়াই কয়, হিন্দুক ৰক্ষা কৰিবলৈ পুলিচ আৰু সেনা বাহিনীত যোগদান কৰিব লাগিব হিন্দুসকলে। প্ৰয়োজনত এগৰাকী হিন্দুৰ লগত, অসমৰ লগত গোটেই ভাৰত বৰ্ষ আছে।

হিন্দু সুৰক্ষা আৰু সমৃদ্ধ হিন্দু, একতা হিন্দু আৰু গৰীৱমুক্ত ভাৰত গঢ়িব লাগিব বুলি কয় টোগাৰিয়াই। শ্ৰমিক আৰু কৃষক সন্দৰ্ভত তেওঁ কয়, কৃষকক ছয় হাজাৰ টকা দিয়াৰ লগতে সামান্তৰালভাৱে শ্রমিকক ছয় হেজাৰ টকাকৈ দিলেহে দেশ সমৃদ্ধ হ’ব।

Post a Comment

0 Comments