শৈশৱতে জুইত অগ্নিদগ্ধ হৈ দুয়োখন ভৰি হৈছিল অকামিলা, কিন্তু সাধনাই মিঃ ইউনিভাৰ্ছ প্ৰতিযোগিতাত বজালীৰ ৰূপমক দিলে বৃহৎ সাফল্য


 পুনেত  অনুষ্ঠিত হোৱা  ইণ্ডিয়ান ব'ডী বিল্ডিং এন্ড ফিটনেচ ফেডাৰেচন (indian bodybuilding and fitness federation) চমুকৈ আই এফ বি বিৰ প্ৰতিযোগিতাত ৫২ কেটেগ'ৰীত ষষ্ঠ স্থান দখল কৰি সমগ্র ৰাজ্য তথা বজালীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ১৫, ১৬ আৰু ১৭ এপ্ৰিলত অনুষ্ঠিত হোৱা মি ইউনিভাৰ্ছ  প্ৰতিযোগিতাত ৫২ কেটেগ'ৰীত দেশৰ উপৰি বিদেশৰ মুঠ ১৮ গৰাকী প্ৰতিযোগীয়ে অংশগ্রহণ কৰিছিল।

বজালীৰ পাটাছাৰকুছি দেওজাৰাপাৰ নিৱাসী দিনহাজিৰা কৰা প্ৰসন্ন ৰয় আৰু সুমিত্রা ৰয়ৰ পুত্র ৰূপম  ৰয়ৰ (Rupam Roy) শৈশৱতে লেমৰ জুইত অগ্নিদগ্ধ হৈ দুয়োখন ভৰি অকামিলা  হৈ পৰিছিল। ৰূপমে টিহুৰ নিউ ৰাজধানী জিমৰ  স্বত্বাধিকাৰী তথা ৰূপমৰ  গুৰু হৰধন বৰ্মনৰ অক্লান্ত শ্ৰম আৰু সহায়ৰ উপৰি শৰীৰ চৰ্চাৰ ক্ষেত্ৰত বিশেষ তত্ত্বাৱধায়ক হিচাপে আছিল কংকন ডেকা।

নিজৰ স্কুটি বিক্রী কৰি আৰু বহু ব্যক্তিৰ সহায়ৰ ফলত ৰূপমে মি ইউনিভাৰ্ছ  প্ৰতিযোগিতাত অংশগ্রহণ কৰিবলৈ সক্ষম হৈছিল আৰু ৬ গৰাকী নিৰ্বাচিত প্ৰতিযোগীৰ ভিতৰত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয়। শৈশৱৰে পৰা  গাড়ী চলোৱা, গেৰেজত কাম কৰা, মোবাইল দোকানত কাম কৰা ৰূপমে পৰিয়ালৰ আৰ্থিক দীনতাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈয়ে শিক্ষা জীৱনৰ পৰিসমাপ্তি ঘটাবলৈ বাধ্য হৈ পৰিছিল।

বিশেষভাৱে সক্ষম হৈও ৰূপমে শৰীৰ চৰ্চাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি অদম্য হেঁপাহ থকা বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল যদিও মিঃ ইউনিভাৰ্ছ প্ৰতিযোগিতাত সফল হৈ বজালী তথা ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। ইপিনে ৰূপমৰ  সাফল্যক  লৈ বহুজনে ৰূপমক শুভেচ্ছা জনাইছে।

Post a Comment

0 Comments