কংগনা ৰাণাৱটে ক'লে নোকোৱা কথা, বলীউডত তুষাৰ কাপুৰেই হেনো তেওঁৰ ডাঙৰ সমৰ্থক

 


কংগনা ৰাণাৱট (Kangana Ranaut) আজিকালি নিজৰ অনুষ্ঠান লক আপ (Lock Upp)ৰ বাবে বাতৰিৰ শিৰোনামত আছে। শেহতীয়াকৈ ডিজিটেল প্লেটফৰ্ম অল্ট বালাজীৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱা আৰু অনুষ্ঠানটোৰ 300 নিযুত ভিউ সম্পূৰ্ণ হোৱাক লৈ কংগনাৰ কাৰাগাৰত উদযাপন কৰা হৈছিল। একতা কাপুৰে (Ekta Kapoor) তেওঁৰ ভায়েক তুষাৰ কাপুৰ (Tusshar Kapoor)ৰ সৈতে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছিল। ইয়াতেই তুষাৰ কাপুৰক লৈ কংগনাই যি কৈছিল, শুনি মানুহে স্তম্ভিত হৈ পৰিছে।

কংগনাই নিজৰ মন্তব্যক লৈ প্ৰায়েই চৰ্চাত থাকে। শেহতীয়াকৈ বিভিন্ন বিষয়ক লৈ বলীউডৰ বহু নামী-দামী তাৰকাৰ সৈতে বিতৰ্কত লিপ্ত হৈ পৰিছিল কংগনা। বলীউডত ড্ৰাগছ কাণ্ডৰ পৰা স্বজন-তোষণ আৰু লবীবাজিক লৈ সৰৱ হৈ পৰিছিল কংগনা। অভিনেতাৰ পৰা আৰম্ভ কৰি পৰচালক প্ৰযোজক সকলোকে টাৰ্গেত কৰিছিল কংগনাই। সেয়ে বলীউডৰ বহুজনেই কংগনাৰ বিৰুদ্ধে উঠিপৰি লাগিছিল।


Post a Comment

0 Comments