হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডত সুন্দৰ চাকৰিৰ সুযোগ


 হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ (Hindustan Petroleum Corporation Limited) ফালৰ পৰা  এক বিজ্ঞপ্তি জাৰি কৰি টেকনিচিয়ান পদত নিয়োগৰ আ‍বেদন পত্ৰ আহ্বান কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে শীঘ্ৰে আবেদন কৰিব পাৰে। এই বিষয়ে অধিক জানিবলৈ প্ৰাৰ্থীসকলে হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেডৰ ৱেবছাইট চাব পাৰে।

প্ৰকাশিত বিজ্ঞপ্তি অনুসৰি, আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰাৰ্থীসকলে আগন্তুক ২১ মে’ ২০২২ৰ ভিতৰত আবেদন পত্ৰ জমা দিব লাগিব। অনলাইন আবেদন কৰিব লাগিব। অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব আবেদন পত্ৰ। এই সম্পৰ্কীয় কিবা সালসলনি থাকিলে নটিচৰ জৰিয়তে অৱগত কৰোৱা হ’ব।

খালী পদৰ সংখ্যা

প্ৰতিষ্ঠানৰ ফালৰ পৰা ১৮৬টা খালী পদ আছে বুলি জনোৱা হৈছে। ইয়াৰ ভিতৰত অপাৰেচন টেকনিচিয়ান – ৯৪টা, বয়লাৰ টেকনিচিয়ান – ১৮টা, মেইনটেইনেন্স টেকনিচিয়ান – ৪০টা, লেব এনালিষ্ট – ১৬টা আৰু ফায়াৰ এণ্ড ছেফটি ইন্সপেক্টৰ – ১৮টা।

Post a Comment

0 Comments