সোণ কিনিম বুলি ভাবি আছে যদি এতিয়াই কিনক, যি কোনো মুহূৰ্তত আৰু বাঢ়িব পাৰে দাম

 


সোণৰ কিনা-বেচাৰ সৈতে জড়িত সংস্থা মাল্টী কমোডিটী এক্সেঞ্জ (MCX)ত বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ দাম (Gold Price) ৫২০৯৯ টকাৰ সৰ্বোচ্চ স্তৰলৈ গতি কৰিছে। লগতে স্পট গোল্ডৰ দামো প্ৰতি ১০ গ্ৰামত ১৯৪৫ ডলাৰ হৈছেগৈ। ডাঙৰ কথাটো হৈছে যে যোৱা সপ্তাহত MCXত সোণৰ দাম ০.৯০ শতাংশ বৃদ্ধি হৈছে।

লাইভমিণ্টৰ মতে আমেৰিকাৰ ফেডাৰেল বেংকে (Federal Bank of America) সূতৰ হাৰ বৃদ্ধি কৰাৰ বাবে আৰু ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ (Russia Ukraine War) বাবে সোণৰ দাম বাঢ়িছে। ইয়াৰ মাজতে দেশত এতিয়া বিয়াৰ বতৰ (Wedding Season In India) আৰম্ভ হ'বলৈ গৈ আছে। নতুন বছৰ পৰাৰ লগে লগে ধুম-ধামেৰে বিয়াবোৰ হ'ব। ব'হাগৰ আৰম্ভণিৰ পৰাই হ'ব লগা বিয়াৰ বাবে এতিয়াৰ পৰাই সোণৰ বজাৰত ধুম-ধাম আৰম্ভ হৈছে। বজাৰ বিশেষজ্ঞসকলে অনুমান কৰা মতে এই সময়ত MCXত সোণৰ দাম বৃদ্ধি হৈ ৫৩,৫০০ টকাৰ পৰা ৫৬,৭০০ টকালৈ বাঢ়িব পাৰে।

Post a Comment

0 Comments