অন্য দেশৰ তুলনাত ভাৰতত দহ ভাগৰ এক অংশও বঢ়া নাই পেট্ৰ'ল-ডিজেলৰ মূল্য- কোনে ক'লে


 ভাৰতত বৃদ্ধি হোৱা ইন্ধনৰ মূল্য (Petrol-Diesel Price) আন দেশত বৃদ্ধি হোৱা মূল্যৰ দহ ভাগৰ এক অংশ মাত্ৰ। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী হৰবিন্দৰ সিং পুৰী (Hardeep Singh Puri)ৰ। আজি লোকসভাত এই মন্তব্য কৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীগৰাকীয়ে।

লোকসভাত এইচ এছ পুৰীয়ে কয়, "এপ্ৰিল ২০২১ আৰু ২২ মাৰ্চৰ ভিতৰত গেছ'লিন (পেট্ৰ'ল)ৰ মূল্য যদি তুলনা কৰা হয়, আমেৰিকা যুক্তৰাজ্য (US)ত মূল্য ৫১%, কানাডা ৫২%, জাৰ্মানী ৫৫%, ইউকে ৫৫%, ফ্ৰান্স ৫০%, স্পেইন ৫৮% কিন্তু ভাৰতত মাত্ৰ ৫% বৃদ্ধি হৈছে।"

উল্লেখ্য যে ভাৰতত যোৱা ২২ মাৰ্চৰ পৰা আজিলৈ প্ৰায় ১০ টকা বৃদ্ধি হৈছে পেট্ৰ'লৰ দাম। গুৱাহাটীতে আজিৰতাৰিখত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১০৪.৭৯ টকা।

Post a Comment

0 Comments