কংগ্ৰেছ এৰি আম আদমী পাৰ্টীলৈ যাব নেকি ৰিপুণ বৰা? বৰাৰ ৰাজনৈতিক উদ্দেশ্য সন্দৰ্ভত বিস্ফোৰক মন্তব্য AJPৰ দুলু আহমেদৰ


 কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী-সাংসদ ৰিপুণ বৰাৰ ৰাজনৈতিক উদ্দেশ্য সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়াইছে অসম জাতীয় পৰিষদৰ (AJP) নেতা দুলু আহমেদে। জাতীয়তাবাদী নেতাগৰাকীয়ে দাবী কৰে যে ৰিপুণ বৰাই দল সলোৱাৰ দিশত আগবাঢ়িছে। কংগ্ৰেছ এৰি তেওঁ আম আদমী পাৰ্টীত যোগদান কৰাৰ সম্ভাৱনা ব্যক্ত কৰে আহমেদে। আহমেদে এটা ফেচবুক পোষ্টত এই সন্দৰ্ভত উল্লেখ কৰি লিখে- ''অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা অসমৰ জনপ্ৰিয় এই গৰাকী নেতাই (ৰিপুণ বৰা) অতি সোনকালে আম আদমী পাৰ্টিত যোগদান কৰাৰ উদ্দেশ্যে আম আদমী পাৰ্টিৰ শীৰ্ষ নেতৃত্বক মালিগাঁওৰ সঞ্জীৱনী হাস্পতালত লগ কৰাৰ ভিডিঅ' মোৰ তাত আহি পৰিছে।উদ্দেশ্য কেৱল এটাই, যেনেতেনে অন্য ৰাজ্যৰ পৰা ৰাজ্যসভাৰ সাংসদ হ'ব লাগে।''আহমেদে (Dulu Ahmed) সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰাৰ পিছতে অৱশ্যে ৰিপুণ বৰাই (Ripun Bora) ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহমেদৰ দাবী অসত্য বুলি কয়। বৰাই ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰে- ''ছচিয়েল মিডিয়াত এজন ব্যক্তিয়ে মই আপত (AAP) যোগদান কৰিম বুলি এক ভিত্তিহীন, পোষ্ট দিয়া মোৰ দৃষ্টি গোচৰ হৈছে। এই কথা সম্পূৰ্ণ অসত্য । মই কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান সৈনিক আৰু এই দলৰ প্ৰতি মই দায়বদ্ধ।''


এই সন্দৰ্ভত NEWS18ৰ  আগতো দুলু আহমেদে প্ৰকাশ কৰে। আহমেদে কয় যে ১১ এপ্ৰিলৰ দিনা ২ বজাত ৰিপুণ বৰা মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত গৈছিল। তাত তেওঁ আপৰ জনৈক শৰ্মা উপাধিৰ এগৰাকী নেতাৰ লগতে আন আপ নেতাৰ সৈতে আলোচনা কৰে। এই বিষয়ে আহমেদৰ হাতত বিতং তথ্য থকাৰ কথাও জনায়।


Post a Comment

0 Comments