কেজৰিৱালে অসমৰ কথা কি জানে? AAP আৰু AJP প্ৰাৰ্থী মিঞা ভোটৰ সহযোগত জয়ী হৈছেঃ পবিত্ৰ মাৰ্ঘেৰিটা


 গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। এই পৰ্যন্ত প্ৰকাশ পোৱা ফলাফল অনুসৰি, বিজেপি মিত্ৰজোঁটে ২৭টা ৱাৰ্ডত জয়লাভ কৰাৰ বিপৰীতে অসম জাতীয় পৰিষদে লাভ কৰিছে এটা ৱাৰ্ড। বিজেপিৰ এনে চমকপ্ৰদ ফলাফলৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্য়সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদে এটা ৱাৰ্ড জয়লাভ কৰাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে,  'আপ আৰু অজাপ মিঞা ভোটৰ সহযোগত জয়ী হৈছে।
খিলঞ্জীয়া হিন্দু, মুছলমান,খ্ৰীষ্টান,শিখ,জৈনৰ ভোট বিজেপিৰ পক্ষত। ৬০ৰ ভিতৰত ৫৮খন আসনত আমাক ৰাইজে মৰম দিছে। আমাৰ বাবে প্ৰত্যেকটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ।
আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছিলো, দিলে। এখন সৰ্বাংগ সুন্দৰ গুৱাহাটী কথা দিয়া মতেই হ'ব।'

পবিত্ৰ মাৰ্ঘেৰিটাই লগতে কয় যে, 'চেঙা,মানকাছৰত কাইলৈ জয়ী হ'ব পাৰে আপ। কংগ্ৰেছ,AIUDF,AAP,AJPৰ ভোটবেংক একেই। কেজৰিৱালে অসমৰ কথা কি জানে?'

Post a Comment

0 Comments