দেৰাডুনৰ ডালনৱালা অঞ্চলত অৱস্থিত প্ৰেম ধাম অ’ল্ড এজ হোমত থকা ৭৯ বছৰীয়া এগৰাকী বৃদ্ধাই নিজৰ সম্পত্তিৰ মালিকিস্বত্ব প্ৰদান কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীৰ নামত। পুষ্পা মুঞ্জিয়াল নামৰ মহিলাগৰাকীয়ে ৫০ লাখ টকাৰ এফডি আৰু ১০ টোলা সোণ ৰাহুল গান্ধীৰ নামত কৰি দিছে। তেওঁ কয় যে তেওঁ গান্ধী পৰিয়ালৰ দ্বাৰা প্ৰভাৱিত। তেওঁ ৯ বছৰ পূৰ্বৰে পৰা যি এফডি কৰা আৰম্ভ কৰিছিল, তাত ৰাহুল গান্ধীৰ নাম নমিনি হিচাপে দিয়া আৰম্ভ কৰিছিল।
সোমবাৰে পুষ্পা মুঞ্জিয়ালৰ কন্যাই সকলো সম্পত্তিৰ মালিকানাৰ স্বত্ব ৰাহুল গান্ধীৰ নামত কৰি দি দেৰাডুনৰ আদালতত ইচ্ছাপত্ৰ দাখিল কৰে। ইয়াৰ পিছত মহানগৰ সভাপতি লালচান্দ শৰ্মা আৰু যোগ প্ৰশিক্ষক সীমা জ’হৰৰ উপস্থিতিত এই ইচ্ছাপত্ৰ প্ৰাক্তন প্ৰদেশ সভাপতি প্ৰীতম সিঙক যমুনা কলনীস্থিত বাসগৃহত প্ৰদান কৰে।
পুষ্পা মুঞ্জিয়ালে কয় যে তেওঁ গান্ধী পৰিয়াল আৰু ৰাহুল গান্ধীৰ ধাৰণাৰ
দ্বাৰা প্ৰভাৱিত। তেওঁলোকৰ পৰিয়ালে দেশৰ স্বাধীনতাৰ সময়ৰে পৰা আজিলৈ সদায়
দেশৰ বাবে নিজৰ সৰ্বোচ্চ বলিদান দিছে। ইন্দিৰা গান্ধীয়ে হওক, ৰাজীৱ
গান্ধীয়ে হওক, তেওঁলোকে দেশৰ একতা আৰু অখণ্ডতাৰ বাবে নিজৰ প্ৰাণ বলিদান
দিছে। ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে দেশৰ সেৱাৰ বাবে নিজকে সমৰ্পণ
কৰিছে।
পুষ্পা মুঞ্জিয়ালে আদালতত নিজৰ সম্পত্তিৰ বিৱৰণ দি ৰাহুল
গান্ধীৰ নামত ইচ্ছাপত্ৰ প্ৰস্তুত কৰি ন্যায়ালক অনুৰোধ জনায় যে তেওঁৰ
মৃত্যুৰ পিছত তেওঁৰ সকলো সম্পত্তিৰ মালিকিস্বত্ব ৰাহুল গান্ধীক দিয়া হওক।
উল্লেখযোগ্য যে পুষ্পা মুঞ্জিয়াল এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। আজীৱন
অবিবাহিত তেওঁ। অৱসৰৰ পিছত ১৯৯৯ চনৰ পৰা অ’ল্ড এজ হোমত বাস কৰি আহিছে। ২০০৫
চনত এক ঘটনাত তেওঁ দৃষ্টিশক্তি হেৰুৱাইছিল। এতিয়া চকুৰে নেদেখে। তেওঁ নিজৰ
পেঞ্চনৰ টকাৰে এতিয়ালৈ যিখিনি সম্পত্তি অৰ্জন কৰিছে, সকলো ৰাহুল গান্ধীৰ
নামত উইল কৰি দিয়ে।
0 Comments