মন্দিৰৰ শোভাযাত্ৰাত শোকাৱহ দুৰ্ঘটনা, বিদ্যুৎস্পৃষ্ট হৈ ১১ জন নিহত, আহত ১৫


 উৎসৱৰ আনন্দ মুহূৰ্ততে পৰিণত হৈছিল শোকসাগৰত। তামিলনাডুত (Tamil Nadu) এটা মন্দিৰৰ কাৰ্যসূচী  অনুসৰি শোভাযাত্ৰা কৰাৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ ১১জন লোক মৃত্যুমুখত পৰে। মৃতসকলৰ ভিতৰত দুটা শিশুও আছিল।

এই ঘটনা আজি পুৱা সংঘটিত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে তামিলনাডুৰ থাঞ্জাভুৰ জিলাৰ এটা মন্দিৰত ৰথযাত্ৰাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়। ১১জন লোকৰ মৃত্যুৰ উপৰি ১৫জনৰো অধিক লোক আহত হয় এই ঘটনাত।

Post a Comment

0 Comments