সীমান্ত শেখৰে মোৰ সমান হ'বলৈ ৭টা জনম লাগিব, জুবিন গাৰ্গৰ মন্তব্য

 


সীমান্ত শেখৰে মোৰ সমান হ'বলৈ ৭টা জনম লাগিব। পাঠশালাৰ মালিপাৰাত এই মন্তব্য জুবিন গাৰ্গৰ। পাঠশালা মালিপাৰাৰ শিৱ পূজাৰ সাংস্কৃতিক কাৰ্যসূচীত ভাগ ল'বলৈ আহি সাংবাদিকৰ আগত এই মন্তব্য জুবিন গাৰ্গৰ।

"সীমান্ত শেখৰ সৰু ল'ৰা, তাক চৰকাৰে যিখিনি দায়িত্ব দিছে সেইখিনিকেই ভালকৈ কৰি থকা ভাল। বাকী শিল্পীৰ কথা মই ভাবিম, অসমবাসীয়ে ভাবিব।"

"মই কংগ্ৰেছো নহয়, বিজেপিও নহয়, কোনো পলিটিচিয়ানো নহয়।"

মালিপাৰাৰ আঞ্চলিক ত্ৰিনয়ন বাবাৰ মন্দিৰ প্ৰাংগণত আয়োজিত শিৱ পূজা মহোৎসৱৰ শনিবাৰে নিশা অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিছিল জুবিন গাৰ্গে।


Post a Comment

0 Comments