নাৰী দিৱসৰ দিনটোত এজাক ব্যতিক্ৰমী মহিলা, তাঁতশালত সপোনো ৰচিছে, জীৱনো গঢ়িছে

 


নলবাৰী জিলাৰ পূৱ প্ৰান্তৰ এখন বিশেষ গাঁও হৈছে “চত্ৰা”। চত্ৰা গাঁওখনত বিশেষকৈ জনজাতীয় সম্প্ৰদায়ৰ লোক বাস কৰি আহিছে । জনজাতীয় পৰম্পৰা অনুসৰি গাঁৱৰ লোকে ৰাতিপুৱাৰ পৰা দেশীয় সুৰা বিক্ৰী কৰি আহিছিল যদিও হঠাৎ গাওঁখনলৈ কেইগৰাকীমান মহিলাই আনিলে পৰিৱৰ্তন। সুৰা বিক্রী কৰিব এৰি বাছি ল'লে উপাৰ্জনৰ অন্য পথ। “বাগুৰুম্বা” নামেৰে গঠন কৰিলে এটি সংস্থা। যাৰ নেপথ্যত আছে নলবাৰী জিলাৰ অন্যতম বেচৰকাৰী সংস্থা গ্ৰাম্য বিকাশ মঞ্চ।

গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃৰ্থীভূষণ ডেকা আৰু সম্পাদক দিৱাকৰ ডেকাৰ প্ৰচেষ্টাত এজাক মহিলাক “বাগুৰুম্বা”ৰ জৰিয়তে যোগান ধৰিলে তাঁতশাল। এতিয়া এই সংস্থাটোত ২০খন তাঁতশাল আছে ৷ তাঁতশালত কাপোৰ বোৱাত নিয়োজিত হৈ আছে গাঁওখনৰ প্ৰায় ৩০ গৰাকী মহিলা। ঘৰুৱা কাম স্বম্ভালি পুৱাৰে পৰা ব্যস্ত হৈ পৰে তাঁতৰ পাতত। সপোন ৰছে তাঁতশালত। মাকোৰ খিটখটনিৰ শব্দত ৰজনজনাই আহিছে অঞ্চলটো।

“বাগৰুম্বা”ৰ জৰিয়তে তাঁতশালত বুটা বাছিছে এইসকল মহিলাই। ইপিনে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মহিলাসকলে। আনহাতে মহিলা সৱলীকৰণৰ ক্ষেত্ৰতো এই সকল মহিলাই লৈছে বিশেষ উদ্যোগ। “বাগৰুম্বা“ৰ জৰিয়তে জিলাখনৰ আন আন মহিলাসকলক প্ৰশিক্ষণ দি আহিছে তাঁতশালৰ। যাৰ জৰিয়তে অঞ্চলটোৰ লগতে জিলাখনৰ ভালে সংখ্যক মহিলাই প্ৰশিক্ষণ লৈ নিজৰ ঘৰতো তাঁতশালত বুটা বাছি এতিয়া স্বাৱলম্বী হৈছে।

উল্লেখযোগ্য যে ২০১৪ -১৫ চনৰ নেডফিৰ অৰ্থসাহাৰ্যত চলা “বাগৰুম্বা” এতিয়া নলবাৰীত এটা চিনাকি নাম। ইয়াত ইয়াত মহিলা সকলো তাঁতশাল ,হাতশালৰ লগতে ,সৌৰশক্তি চালিত শালো ব্যৱহাৰ কৰে। উল্লেখযোগ্য যে কোনোৱে যদি মহুৰাত সূতা লোৱাত ব্যস্ত আন কোনোৱে আকৌ তাঁতৰ পাতত বুটা বাছিছে। মুঠতে এক দৃষ্টিনন্দন পৰিৱেশ বিৰাজ কৰে “বাগৰুম্বা”ত। অন্যহতে জনজাতীয় সম্প্ৰদায়ৰ এইসকল মহিলাই গামোচা, আৰনাই, মেখেলা চাদৰ, পাট মুগাৰো কাপোৰ প্ৰস্তুত কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোত এইসকল বিশেষ নাৰীও এক এক দৃষ্টান্ত হৈ পৰিছে।

Post a Comment

0 Comments