জেলেনস্কিক পুটিনৰ ৱাৰ্নিং- যুদ্ধ কেৱল এই চৰ্তত হে বন্ধ হ'ব, অন্যথা...


 ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে (Russian President Vladimir Putin) আকৌ এবাৰ ইউক্ৰেইনক সতৰ্ক কৰি দিছে। পুটিনে কয়- ''এই সামৰিক সংঘৰ্ষ, য'ত শ শ লোক নিহত হৈছে, কেৱল তেতিয়াহে বন্ধ হ'ব যদি ইউক্ৰেইনে নিজৰ অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰে আৰু ৰাছিয়াৰ সকলো দাবী মানি লয়।'' পুটিনে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্দোগানৰ (Turkish President Tayyip Erdogan) সৈতে টেলিফোনত হোৱা বাৰ্তালাপৰ সময়ত এই কথা কয়। তেওঁ  লগতে কয় যে ইউক্ৰেইনক তৃতীয় পৰ্যায়ৰ শান্তি আলোচনাৰ বাবে "গঠনমূলক" দৃষ্টিভংগী অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হ'ব।

গুৰুত্বপূৰ্ণ যে সোমবাৰে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত তৃতীয়লানি বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ আগেয় পুটিনে ইউক্ৰেইনক এইদৰে সকীয়াই দিয়ে।

ইফালে, পপ ফ্ৰান্সিছে আজি ইউক্ৰেইনত (Ukraine) ৰাছিয়াৰ "বিশেষ অভিযান"ক গৰিহণা দিয়ে আৰু ইয়াক "চকুপানী আৰু তেজৰ নদী"ৰ অপাৰেচন বুলি অভিহিত কৰে, আৰু ই পৰিকল্পনা অনুসৰি কৰা বুলি উল্লেখ কৰে।

উল্লেখ্য, ইয়াৰ পূৰ্বে মস্কোৱে কৈছিল যে ইউক্ৰেইনৰ সামৰিক সামৰ্থ্য ধ্বংস নোহোৱালৈকে আৰু দেশখন "নতুন নাজী"ৰ পৰা মুক্ত নকৰালৈকে আক্ৰমণ বন্ধ নহ'ব।
ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে বিশ্ব সম্প্ৰদায় আৰু পশ্চিমীয়া দেশসমূহৰ পৰা সমৰ্থন বিচাৰিছিল যদিও এতিয়ালৈকে একো লাভ কৰা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশসমূহে কেৱল ইউক্ৰেইনক কূটনৈতিক সমৰ্থন দিছে।

এই যুদ্ধত ৰাছিয়াই ইউক্ৰেইনৰ বন্দৰ চহৰ খেৰচান, পাৰমাণৱিক প্ৰকল্প খাৰকিভ আৰু মাৰিয়পোল দখল কৰিছে। ব্ৰিটিছ সামৰিক চোৰাংচোৱাই কয় যে ৰাছিয়াৰ সামৰিক কনভয় লাহে লাহে ৰাজধানী কিয়েভৰ ফালে আগবাঢ়িছে। অৱশ্যে, ইউক্ৰেইনৰ শক্তিশালী সঁহাৰিৰ ফলত ৰাছিয়ান বাহিনীৰ গতি হ্ৰাস পাইছে।


একে সময়তে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে পশ্চিমীয়া দেশক কৈছিল যে যদি ইউক্ৰেইনক শক্তিশালী সাহায্য প্ৰদান কৰাত বিফল হয়, কাইলৈ যুদ্ধই আন পশ্চিমীয়া দেশৰ দুৱাৰত টোকৰ মাৰিব।

 

Post a Comment

0 Comments