বোম শ্বেল্টাৰত সংগীতৰ ৰেৱাজ, ইউক্ৰেইনৰ এইগৰাকী ছোৱালীৰ ভিডিঅ' সম্প্ৰতি হৈ পৰিছে ভাইৰেল


 যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ (Ukraine) পৰা অহা এটা ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত এগৰাকী সৰু ছোৱালীৰ কাৰ্যই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। ৰাছিয়াৰ আক্ৰমণৰ মাজতে এইজনী ছোৱালীয়ে বোম শ্বেল্টাৰ (Bomb Shelter)ত ভায়োলিন বজাই যুদ্ধৰ মাজতো আশাৰ বন্তি জ্বলাই ৰাখে।

স্বাভাৱিকতে এই ভিডিঅ'টো সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত সকলো মানুহকে হতবাক কৰি তুলিছে। বহুতে দাবী কৰিছে যে যুৱতীগৰাকীয়ে ইউক্ৰেইনৰ গান "নিক য়াকা মিচাচানহান্না" বজাই আছে, যাৰ অৰ্থ হৈছে- ''কি এক চন্দ্ৰালোকৰ নিশা''।

ৰাছিয়াৰ সেনাৰ দ্বাৰা অব্যাহত গুলীবৰ্ষণৰ পৰা ৰক্ষা পাবলৈ ইউক্ৰেনীয়সকলে খেলপথাৰৰ ভিতৰত থকা বাংকাৰত বাস কৰি আছে। বোমা বিস্ফোৰণৰ মাজত তেওঁলোকৰ ভয় দূৰ কৰিবলৈ ভায়'লিন বজাই ছোৱালীজনীয়ে দিছে লগৰসকলক সাহস।

Post a Comment

0 Comments