উত্তৰ প্ৰদেশৰ এই ২০টা VIP সমষ্টিত নজৰ সকলোৰে, সঁচা হ’বনে এগজিট প’ল?

 


উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ (UP Assembly Elections) ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। এগজিট প’ল অনুসৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’ব উত্তৰ প্ৰদেশত। ৰাজ্যখনৰ কেতবোৰ হাই–প্ৰফাইল আসনত এতিয়া জনসাধাৰণৰ তীক্ষ্ণ নজৰ। এইবাৰ বিধানসভা নিৰ্বাচনত নামিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ (CM Yogi Adityanath)। গোৰখপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে কৰহল সমষ্টি, উপ–মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই সিৰাথু সমষ্টি, বিজেপি এৰি সমাজবাদী পাৰ্টীলৈ যোৱা স্বামী প্ৰসাদ মৌৰ্যই ফাজিলনগৰৰ পৰা আগবঢ়াইছে প্ৰাৰ্থিত্ব। এই সমষ্টিসমূহত দৃষ্টি নিবদ্ধ আছে ৰাজনৈতিক মহলৰ লগতে সাধাৰণ জনতাৰ।

এগজিট প’লত কেইবাখনো ভিআইপি আসনত সহজ জয়ৰ বিপৰীতে কেইবাখনতো তীব্ৰ প্ৰত্যাহ্বানৰ অনুমান কৰা হৈছে। কেশৱ প্ৰসাদ মৌৰ্যৰ ছিৰাথু সমষ্টিত হ’ব তীব্ৰ প্ৰতিদ্বন্দ্বিতা। ইয়াত সমাজবাদী পাৰ্টীৰ পৰা পল্লৱী পেটেল যুঁজত নামিছে। সেইদৰে অখিলেশ যাদৱে কৰহল সমষ্টিত বিজেপিৰ এছপি বাঘেলৰ মুখামুখি হৈছে। আনহাতে, স্বামী প্ৰসাদ মৌৰ্যৰ ফাজিলনগৰতো হ’ব তীব্ৰ যুঁজ।
 

২০টা ভিআইপি সমষ্টি

১. গোৰখপুৰ সদৰ – যোগী আদিত্যনাথ

২. কহৰল – অখিলেশ যাদৱ

৩. ৰামপুৰ – আজম খান

৪. স্বাৰ – আ‍্দুল্লা আজম

৫. শ্বাহজাহাপুৰ – সুৰেশ খান্না

৬. বলিয়া – ৰাম গোবিন্দ চৌধুৰী

৭. আজমগড় – দুৰ্গা প্ৰসাদ যাদৱ

৮. সৰধনা – সংগীত সোম

৯. মথুৰা  – শ্ৰীকান্ত শৰ্মা

১০. মহাৰাজপুৰ – সতীশ মহানা

১১. মনকাপুৰ – ৰমাপতি শাস্ত্ৰী

১২. বাঁচী – জয় প্ৰতাপ

১৩. মলহানী – ধনঞ্জয় সিং

১৪. মউ সদৰ – আনচাৰী

১৫. কুণ্ডা – ৰঘুৰাজ প্ৰতাপ সিং

১৬. আমেঠি – সঞ্জয় সিং

১৭. সম্বল – ইকবাল মাহমুদ

১৮. লক্ষ্ণৌ কেণ্ট – ব্ৰজেশ পাঠক

১৯. ছিৰাথু – কেশৱ প্ৰসাদ মৌৰ্য

২০. জহুৰাবাদ – ওম প্ৰকাশ ৰাজভৰ

Post a Comment

0 Comments