গুৰুত্বপূৰ্ণ খবৰ! কলেজ-ইউনিভাৰ্চিটীৰ অধ্যাপক নিযুক্তিৰ ক্ষেত্ৰত নতুন নিয়ম অনাৰ দিশে কেন্দ্ৰ! প্ৰয়োজন নহ'ব PHD

 



বিষয়টো সঠিকভাৱে আগুৱাই নিবলৈ ইউজিচিয়ে বৰ্তমান চলি থকা নিয়মৰ সংশোধন কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিব। 

কলেজ-বিশ্ববিদ্যালয়ৰ অধ্যাপক নিয়োগৰ নিয়মত এইবাৰ সংস্কাৰ আনিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰ। সূত্ৰ অনুসৰি, শিল্পক্ষেত্ৰৰ, পেছাদাৰী আৰু বিশেষজ্ঞ অধ্যাপক হিচাপে নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। অৰ্থাত  PHDৰ উপৰিও, নৰেন্দ্ৰ মোদী চৰকাৰে কেৱল পেছাদাৰী অভিজ্ঞতাৰ আধাৰত নিযুক্তি দিয়াৰ কথাও বিবেচনা কৰি আছে।

যদিও ভাৰতত এই ৰীতি নতুন, ইউৰোপ আৰু আমেৰিকাৰ নাম কৰা বিশ্ববিদ্যালয়সমূহত এই ৰীতি অনুসৰি অধ্যাপক নিযুক্ত কৰা হয়। পেছাদাৰী অভিজ্ঞতাৰ আধাৰত অধ্যাপক নিযুক্ত কৰা হয়। ইয়াৰ লাভালাভ হৈছে যে শিক্ষাবিদসকলৰ উপৰিও, শিক্ষাৰ্থীসকলে বাস্তৱ পৃথিৱীৰ অভিজ্ঞতাও লাভ কৰে।

কেন্দ্ৰীয় চৰকাৰে বিচাৰে যে, পিএইচডি অধ্যাপক হোৱাৰ চৰ্ত নহ'ব। কাৰণ থিয়ৰী আৰু ব্যৱহাৰিক কামৰ অভিজ্ঞতাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। এই অভিজ্ঞতাৰেই সেই অধ্যাপকসকলে শিক্ষাৰ্থীসকলক জনোৱাত সফল হ'ব।

কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই কৈছিল যে, বিষয়টো সঠিকভাৱে আগুৱাই নিবলৈ ইউজিচিয়ে বৰ্তমান চলি থকা নিয়মৰ সংশোধন কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিব।

বৃহস্পতিবাৰে, ইউজিচিৰ অধ্যক্ষ জগদেশ কুমাৰে কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰ (ভিচি) সৈতে এখন বৈঠকত মিলিত হৈছিল। প্ৰস্তাৱটো সেই সভাত আলোচনা কৰা হৈছিল।

Post a Comment

0 Comments