টেট শিক্ষকৰ প্ৰতিবাদৰ আঁৰত কাৰ কি চক্ৰান্ত? প্ৰতিবাদক অপ্ৰয়োজনীয় আখ্যা শিক্ষামন্ত্ৰীৰ




 'টেট শিক্ষক সকলৰ প্ৰতিবাদ অনাকাংক্ষিত, অনাহুত আৰু অপ্ৰয়োজনীয়।  ঠিকাভিত্তিক টেট শিক্ষকৰ ৬০ বছৰলৈ চাকৰিৰ নিশ্চিত প্ৰদান কৰা হৈছে। মৰগীয়া বানচৰ সমস্যা সমাধানৰ বাবেও কথা পতা হৈছে। কালিৰ দিনটোত মই নিজে আলোচনাত বহিছো, তাৰ পিছত এই প্ৰতিবাদ কিয় নাজানো।'- এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

উল্লেখ্য যে, আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ঠিকা ভিত্তিক টেট শিক্ষকে কাহিলীপাৰাস্থিত সৰ্বশিক্ষা মিছনৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰিবলৈ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৩১ মাৰ্চ শেষ সীমা বান্ধি দিছিল। অন্যথা পুনৰ আন্দোলনত বহাৰ হুংকাৰ দিছিল। আৰু এই প্ৰতিবাদকলৈ অৱশেষত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজৰ প্ৰতিক্ৰিয়া এনেদৰে ব্যক্ত কৰে। লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষকৰ প্ৰতিবাদৰ আঁৰত কিবা চক্ৰান্ত থকাৰো সন্দেহ কৰে।

Post a Comment

0 Comments