কাৰ বাবে সুন্দৰী ঊৰ্বশী ৰৌতেলাকো গুৰুত্ব নিদিয়ে ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ ঋষভ পন্তে?

 


ঋষভ পন্তে এতিয়া টীম ইণ্ডিয়াত নিজৰ স্থান নিগাজি কৰিছে। ব্যক্তিগত জীৱনক লৈও চৰ্চাত আছে তেওঁ। ঊৰ্বশী ৰৌতেলাৰ সৈতে নাম সাঙোৰ খাইছিল ঋষভৰ। কিন্তু পন্তে তেওঁ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা আন এগৰাকী যুৱতীৰ সৈতে ফটো শ্বেয়াৰ কৰিছে। ইয়াৰ পিছত খোলাখুলিকৈ ঋষভ পন্তে ইণ্টেৰিয়ৰ ডিজাইনাৰ ঈশা নেগীৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰিছিল। ষঋভৰ প্ৰেমিকা ঈশা নেগী দেৰাদুনত থাকে। পেছাত এগৰাকী ব্যৱসায়ী আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ।

ঈশা নেগী ইনষ্টাগ্ৰামত খুব সক্ৰিয়। প্ৰায়ে তেওঁৰ ফটো চৰ্চাত থাকে।

ঈশা নেগী দেৰাদুনৰ যিশাস এণ্ড মেৰী স্কুলত পঢ়াশুনা কৰিছে। নয়দাৰ এমিটি বিশ্ববিদ্যালয়ৰ পৰা কলেজীয়া শিক্ষা গ্ৰহণ কৰিছে। দীৰ্ঘদিন ধৰি পন্তৰ সৈতে সম্পৰ্কত আছে ঈশা।

২০২০ চনত আৰম্ভণিতে ঋষভ পন্ত আৰু ঈশা নেগীৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হয়। ইয়াৰ পিছত মুকলিকৈ প্ৰেমৰ কথা জনাইছিল পন্তে। বলীউদ অভিনেত্ৰী ঊৰ্বশী ৰৌতেলাৰ সৈতেও ঋষভ পন্তৰ নাম সাঙোৰ খাইছিল। কিন্তু তেওঁ কেতিয়াও এই বিষয়ে খোলাখুলিকৈ কোনো কথা কোৱা নাই।

ঋষভৰ সৈতে ঈশাৰ সম্পৰ্কৰ কথা এতিয়া বহুতেই জানে। ঈশাৰ বাবে এঠা সময়ত সুন্দৰী ঊৰ্বশী ৰৌতেলাকো পাট্টা দিয়া নাছিল ঋষভে।

Post a Comment

0 Comments