আকাশত আৰু দেখা নাযাব ম্ৰিয়াক, ৰুছ বাহিনীৰ আক্ৰমণত ধ্বংস বিশ্বৰ আটাইতকৈ ডাঙৰ বিমান!

 


১৯৮০ৰ দশকত আমেৰিকাৰ সৈতে ছোভিয়েট ইউনিয়নৰ মহাকাশ জয়ৰ যুঁজৰ সময়ত বিমানখন নিৰ্মাণ কৰিছিল এণ্টোভন প্ৰতিষ্ঠানে। 

ৰুছ বাহিনীৰ আক্ৰমণত এতিয়া বিধ্বস্ত ইউক্ৰেইন। চাৰিওফালে এতিয়া কেৱল ধ্বংসৰ ছবি। ৰাছিয়াৰ সেনা বাহিনীৰ হাতত ধ্বংস হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিমান AN-225 'Mriya।

নাম ‘ম্ৰিয়া’। ইউক্ৰেনিয়ান ভাষাত যাৰ অৰ্থ ‘স্বপ্ন’। ছোভিয়েটৰ সময়ত তৈয়াৰ কৰা এই বিমানখন ব্যৱহাৰ কৰা হৈছিল কাৰ্গো বিমান হিচাপে। ৬ ইঞ্জিনৰ বিশাল এই বিমানখন ৰাছিয়া বাহিনীয়ে ধ্বংস কৰি পেলাইছে বুলি খবৰ ওলাইছে। ২৯০ ফুট ওখ ‘ম্ৰিয়া’ আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ বিমান।  

১৯৮০ৰ দশকত আমেৰিকাৰ সৈতে ছোভিয়েট ইউনিয়নৰ মহাকাশ জয়ৰ যুঁজৰ সময়ত বিমানখন নিৰ্মাণ কৰিছিল এণ্টোভন প্ৰতিষ্ঠানে। ১৯৮৮ চনত প্ৰথম আকাশত উৰে ম্ৰিয়া। এই বিমান মাত্ৰ এখনেই নিৰ্মাণ হৈছিল। যিখন এতিয়াও ব্যৱহাৰ কৰা হৈছিল।

সম্প্ৰতি কোভিড মহামাৰীৰ সময়ত সামগ্ৰী কঢ়িওৱাৰ কামত ব্যৱহাৰ কৰা হৈছিল। কিভৰ এটা বিমানবন্দৰত হেংগাৰত মেৰামতিৰ বাবে ৰখা হৈছিল বিমানখন।

Post a Comment

0 Comments