ইউক্ৰেইনৰ খাৰকিভত গুলীবৰ্ষণত ভাৰতীয় ছাত্ৰ নিহত, বিদেশ মন্ত্ৰালয়ে নিশ্চিত কৰিছে এই তথ্য

 


ইউক্ৰেইনৰ খাৰকিভ চহৰত হোৱা গুলীবৰ্ষণত এজন ভাৰতীয় ছাত্ৰ নিহত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মঙলবাৰে এই কথা কৈছে। খাৰকিভ ৰ গুলীবৰ্ষণত ভাৰতীয় ছাত্ৰজনৰ মৃত্যু নিশ্চিত কৰি মন্ত্ৰালয়ে কয় যে তেওঁলোকে ছাত্ৰজনৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছে। মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, "গভীৰ দুখৰ সৈতে আমি নিশ্চিত কৰিছো যে আজি ৰাতিপুৱা খাৰকিভত হোৱা গুলীবৰ্ষণত এজন ভাৰতীয় ছাত্ৰই প্ৰাণ হেৰুৱাইছে। মন্ত্ৰালয়ে তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছে। আমি পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।" শেখৰাপ্পা গিয়াংগুড়াৰ নামৰ মৃত ছাত্ৰজন কৰ্ণাটকৰ চলেগেৰীৰ বাসিন্দা আছিল।

ইফালে, ৰাছিয়াৰ সৈন্যই খাৰকিভৰ ওপৰত গুলীবৰ্ষণ অব্যাহত ৰাখিছে আৰু বিদ্যুৎ উপ-কেন্দ্ৰসমূহ উৰুৱাবলৈ আৰম্ভ কৰিছে। ৮৭ টাতকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে। খাৰকিভৰ মেয়ৰ ইগৰ টেৰখভে এইদৰে কৈছিল: "আক্ৰমণকাৰীসকলে আমাক বিদ্যুৎ যোগান ধৰা উপকেন্দ্ৰবোৰ উৰুৱাবলৈ আৰম্ভ কৰিছে। খাৰকিভত যি ঘটিছে সেয়া হৈছে গণহত্যা। এইটো এটা অভিযান নহয় কিন্তু মানুহক শেষ কৰিবলৈ এটা যুদ্ধ। এইটো গোটেই পৃথিৱীৰ বিৰুদ্ধে অপৰাধ।"

Post a Comment

0 Comments