ৰাছিয়াত ফেচবুকসহ কেইবাটাও মিডিয়া ৱেবছাইট ডাউন, চৰকাৰে একাংশ চেনেলক ক’লে বিদেশী এজেণ্ট


 ইউক্ৰেইনৰ সৈতে যুদ্ধৰ মাজতে খবৰ আহিছে যে ৰাছিয়াত কেইবাটাও মিডিয়া ৱেবছাইট ডাউন হৈ পৰিছে। অৰ্থাৎ কাম কৰা নাই। ইয়াৰ ভিতৰত আছে ফেচবুকো। কোৱা হৈছে যে যুদ্ধৰ বিৰুদ্ধে কণ্ঠৰুদ্ধ কৰাৰ চেষ্টা এয়া। খবৰ অুসৰি, মস্কোত এএফপিৰ সাংবাদিকে নিজৰ ফেচবুক একাউণ্ট খুলিব পৰা নাই। ইয়াৰ উপৰি বিবিচিৰ ৰুছ ভাষাৰ নিউজ ৱেবচাইটো খুলিব পৰা নাই।

নিজৰ টেলিগ্ৰাম একাউণ্টক লৈ স্বতন্ত্ৰ আউটলেট মেডুজাই কয় যে তেওঁলোকৰ ছাইট এতিয়া ৰাছিয়াত একাংশ ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ নহয়। লগতে এয়াও কোৱা হৈছে যে তেওঁলোকক ব্লক কৰাৰ বিষয়ে কোনো ধৰণৰ আনুষ্ঠানিক জাননী দিয়া নাই। বিগত সপ্তাহত ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ পিছৰে পৰা স্বতন্ত্ৰ মিডিয়াৰ বিৰুদ্ধে হেঁচা বৃদ্ধি কৰা হৈছে। অৱশ্যে দেশখনত সংবাদ মাধ্যমৰ স্বাধীনতা পূৰ্বৰে পৰা হ্ৰাস পাই আহিছে।

এই সপ্তাহৰ আৰম্ভণিতে, একো মোস্কিভী ৰেডিঅ’ ষ্টেচন আৰু স্বতন্ত্ৰ ডোজহদ টিভি চেনেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ৰাছিয়াৰ মতে, প্ৰতিৱেশী দেশ ইউক্ৰেইনত এয়া সৈন্য অভিযান, আক্ৰমণ নহয়।

উল্লেখযোগ্য যে বহু মিডিয়া কৰ্মী আৰু আউটলেটছক শেহতীয়াকৈ বিদেশী এজেণ্ট আখ্যা দিয়া হৈছে। কোৱা হৈছে যে ফেক নিউজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ৰাছিয়া চৰকাৰে সিদ্ধান্ত লৈছে। ইয়াৰ জৰিয়তে ১৫ বছৰ পৰ্যন্ত জে’লৰ শাস্তিৰ ওপৰত বিবেচনা কৰি থকা হৈছে।

Post a Comment

0 Comments