বিফল হ'ব নেকি পুটিন? ৰুছ সৈন্যৰ আক্ৰমণে মনোবল ভাঙিব পৰা নাই ইউক্ৰেইনৰ জনতাৰ

 


৬টা দিনত ভৰি দিলে পুটিন বাহিনীৰ ইউক্ৰেইন আক্ৰমণৰ ঘটনাই। ইউক্ৰেইনৰ ৰাজধানী কিয়েভ আৰু খাৰ্কিভ চহৰত প্ৰতিদিনেই ৰুছ সেনাৰ আক্ৰমণত নিহত হৈছে বহু নিৰীহ লোকৰ। ধ্বংসস্তুপত পৰিণত হৈছে চহৰকেইখনৰ অধিকাংশ অঞ্চল। কিন্তু তাৰ পিছতো পুটিনৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ কোনোপধ্যে ৰাজি নহয় ইউক্ৰেইনৰ জনতা। সেয়ে এতিয়া ৰুছ সৈন্যৰ বিৰুদ্ধে যুঁজিবলৈ হাতত অস্ত্ৰ তুলি লৈছে ইউক্ৰেইনৰ সাধাৰণ জনতাই।

ইউক্ৰেইন দখলৰ যুঁজত বহুপৰিমাণে ক্ষতিগ্ৰস্ত হৈছে বিশ্বৰ অন্যতম শক্তিশালী দেশ ৰুছ। ইতিমধ্যে ইউক্ৰেইনৰ সেনাৰ প্ৰতিআক্ৰমণত নিহত হৈছে ৫ হাজাৰতকৈয়ো অধিক ৰুছ সেনা। ধ্বংস হৈছে ৰাছিয়াৰ ২৯খন অত্যাধুনিক যুঁজাৰু বিমান, ২৯খন অত্যাধুনিক যুঁজাৰু হেলিকপ্টাৰ, ১৯৮খন টেংক, ৩০৫খন যুদ্ধবাহন, ২৪টা মিছাইল লাঞ্চাৰ আৰু ৰাছিয়াৰ প্ৰতিৰক্ষাত ব্যৱহৃত বহু অত্যাধুনিক সা-সৰঞ্জাম।

ৰুছ সেনাৰ টেংক ধ্বংস কৰিবলৈ আহি নিহত হৈছে বহু ইউক্ৰেইনৰ নাগৰিক। তথাপিও থমকি ৰোৱা নাই ইউক্ৰেইনৰ জনতা। বিশ্বৰ শক্তিশালী টেংক মকটেইল নামৰ পেট্ৰ’ল বোমাৰে ধ্বংস কৰিবলৈ সক্ষম হৈছে ইউক্ৰেইনৰ সাধাৰণ জনতাই। মঙলবাৰে খাৰ্কিভ দখলৰ বাবে অহা ৰুছ সৈন্যক আক্ৰমণ কৰিছে ইউক্ৰেইনৰ সাধাৰণ জনতাই।

ৰুছ সেনাৰ কোনো অত্যাধুনিক অস্ত্ৰই শংকিত কৰিব পৰা নাই ইউক্ৰেইনৰ জনতাক। উপায়ন্তৰ হৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে পাৰামাণৱিক বোমা নিক্ষেপৰো ভাবুকি দিছে। তথাপিও ক্ষান্ত হোৱা নাই ইউক্ৰেইনৰ জনতা। দেশ ৰক্ষাৰ বাবে ইউক্ৰেইনৰ জনতাৰ মৰণপণ যুঁজে অবাক কৰি তুলিছে বিশ্বৰ প্ৰতিখন দেশকে। সামৰিক শক্তিক নি:শেষ কৰি ইউক্ৰেইন দখল কৰিলেও কোনো কাৰণতে যে ইউক্ৰেইনৰ জনতাক পুটিনে দমন কৰিব নোৱাৰে সেয়া এতিয়া নিশ্চিত হৈ পৰিছে। আনহাতে ৰাছিয়াৰ বিৰুদ্ধে এই যুঁজত ইউক্ৰেইনৰে জয় হ'ব বুলিও আত্মবিশ্বাসী দেশখনৰ প্ৰতিগৰাকী নাগৰিক।

Post a Comment

0 Comments