অপেক্ষাৰ অন্ত! শুকুৰবাৰে মুক্তি পাব বহু আকাংক্ষিত ছবি RRR, বহু ছবিঘৰত টিকট শেষ

 


মাত্ৰ কেইটামান মুহূৰ্ত আৰু অন্ত পৰিব চিনেপ্ৰেমীৰ অপেক্ষাৰ। শুকুৰবাৰে মুকলি হ'ব বহু প্ৰতীক্ষিত ছবি RRR. এছ এছ ৰাজামৌলি (SS Rajamouli)ৰ পৰিচালিত আৰু তাৰকা জুনিয়ৰ এন টি আৰ (Jr NTR) আৰু ৰাম চৰণ (Ram Charan) অভিনীত RRR হৈছে ২০২১ৰ পৰাই বহু প্ৰতীক্ষিত চিনেমা। ছবিখনত আলিয়া ভাট (Alia Bhatt)ৰ লগতে অজয় দেৱগনে (Ajay Devgn)ও গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে।

জানিব পৰা মতে দক্ষিণৰ অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ শতাধিক চিনেমা হলত ইতিমধ্যে শুকুৰবাৰৰ বাবে আগতীয়াকৈ হাউছফুল হৈ গৈছে। শুকুৰবাৰৰ সকলো টিকট শেষ। আনকি দেশৰ আগশাৰীৰ চহৰসমূহতো বহু চিনেমা হলয় প্ৰায় হাউছফুল হৈছে।

ইপিনে বহু ঠাইত RRR টিকটৰ দামেও বাতৰিৰ শিৰোনাম দখল কৰিছে। গুৰগাঁৱৰ এম্বিয়েন্স মলৰ PVRত এটা টিকটৰ দাম সৰ্বাধিক ২,১০০ টকা দেখুৱাইছে BookMyShowত। এইটো দাম হিন্দী ডাবিঙৰ 3D ভাৰ্ছনৰ বাবে।জানিব পৰা মতে ইতিমধ্যে সমগ্ৰ দেশত ৩০ কোটি টকাৰ অধিক মূল্যৰ টিকট বিক্ৰী হৈছে RRR ছবিখনৰ বাবে।

RRR ছবিখনৰ প্ৰথম দিনাৰ সংগ্ৰহৰ হিচাপত আমেৰিকাত ইতিমধ্যে বাহুবলী-২ক চেৰ পেলাই অভিলেখো ৰচিছে। বাহুবলী-২ৰ আমেৰিকাত প্ৰথম দিনৰ কালেকচন আছিল ২.৪ নিযুত ডলাৰ আৰু এই পৰ্যন্ত RRRৰ কালেকচন হৈছে ২.৪১ নিযুত ডলাৰ।

Post a Comment

0 Comments