ভৰিত গুলীৰ আঘাত লৈয়ো আলফাৰ বিৰুদ্ধে যুঁজা এগৰাকী সাহসী আৰক্ষী বিষয়াৰ বিয়োগত শোকস্তব্ধ নগাঁওবাসী


 ১৯৯৭চন। অসমৰ চৌদিশে আলফাৰ শক্তিশালী স্থিতি। নগাঁও জিলাতো আলফাৰ স্থিতি যথেষ্ট মজবুত আছিল সেই সময়ত। তেনে সময়তে আলফাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ নগাঁও চহৰৰ সমীপৱৰ্তী পলাশনিত আলফাৰ এম্বুশ্বত পৰিছিল তেতিয়াৰ নগাঁৱৰ আৰক্ষী অধীক্ষক তথা আইপিএছ বিষয়া প্ৰদীপ কুমাৰ। পথৰ দুয়োকাষৰ পৰা আলফাৰ গেৰিলাই একে ৪৭ৰে ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল আৰক্ষী অধীক্ষক গৰাকীৰ বাহনলৈ। আঘাতপ্ৰাপ্ত হৈছিল আৰক্ষী অধীক্ষক গৰাকী। ভৰিত গুলী লাগিছিল আৰক্ষী অধীক্ষকগৰাকীৰ গাড়ীচালকগৰাকীৰো। কিন্তু গুলীবিদ্ধ অৱস্থাৰেই সেই স্থানৰ পৰা নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ গাড়ী চলাই লৈ গৈছিল গাড়ীচালক গৰাকীয়ে।

আলফাৰ প্ৰচণ্ড গুলীবৰ্ষণৰ মাজৰে সাহসিকতাৰে আৰক্ষী অধীক্ষকগৰাকীক সেই স্থানৰ পৰা নিৰাপদে চিকিৎসালয়লৈ লৈ অনা গাড়ীচালক গৰাকীৰ নাম হৈছে বাবুল আলী। ১৯৯৮ চনত বাবুল আলীক প্ৰদান কৰা হৈছিল ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ। সেইগৰাকী সাহসী আৰক্ষী জোৱানেই পৰৱৰ্তী সময়ত নগাঁও আৰক্ষীৰ সশস্ত্ৰ শাখাৰ পৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰিছিল।

পিছে গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত মধুমেহ ৰোগত আক্ৰান্ত হৈ ৫৬বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে বাবুল আলীৰ। বাবুল আলীৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে নগাঁও আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-জোৱানক। বিয়লি নগাঁও আৰক্ষী ছাউনীত সামৰিক মৰ্যাদাৰে শেষ বিদায় জ্ঞাপন কৰে নগাঁও আৰক্ষীৰ বিষয়া তথা জোৱানসকলে।

Post a Comment

0 Comments