পাকিস্তান ভ্ৰমণৰ সময়ত পত্নীসহ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰক প্ৰাণে মৰাৰ ভাবুকি!

 


অষ্ট্ৰেলিয়ান ক্ৰিকেট দলে ২৪ বছৰৰ পিছত পাকিস্তান ভ্ৰমণলৈ গৈছে। দুই দেশৰ মাজত তিনিখন টেষ্ট, তিনিখন এদিনীয়া আৰু এখন টি টুৱেণ্টি মেচৰ ছিৰিজ অনুষ্ঠিত হ’ব। প্ৰথম টেষ্ট ৪ মাৰ্চত ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব। ইয়াৰ মাজতে ক্ৰিকেটৰ বাহিৰৰ এক খবৰ ভাইৰেল হৈছে। অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ এষ্টন আগৰ (Ashton agar) আৰু তেওঁৰ পত্নীক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে। এই ভাবুকিৰ পিছতে তদন্তত নামিছে পাকিস্তান ক্ৰিকেট ব’ৰ্ড আৰু ক্ৰিকেট অষ্ট্ৰেলিয়া।

আনহাতে, তদন্তৰ পিছত অৱশ্যে ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই প্ৰাণনাশৰ ভাবুকিক গভীৰভাৱে লোৱা হোৱা নাই। এয়া ভয়ৰ বিষয় হিচাপে নাচালেও ছচিয়েল মিডিয়াত এতিয়া এয়া ভাইৰেল নিউজ।

প্ৰাপ্ত খবৰ অনুসৰি, এষ্টন আগৰৰ সংগী মেডেলিনে ছচিয়েল মিডিয়াত এটা মেছেজ লাভ কৰে। তাত কোনো অজ্ঞাত লোকে ভাবুকি দিছিল। মেছেজত লিখা হৈছিল, এষ্টন আগৰ পাকিস্তানলৈ নহাটোৱেই ভাল। দ্য ছিডনী মৰ্নিং হেৰাল্ডৰ ৰিপ’ৰ্ট অনুসৰি, এষ্টন আগৰৰ সংগীলৈ প্ৰেৰণ কৰা মেছেজ অনুসৰি, এষ্টন যেন পাকিস্তানলৈ নাহে। পাকিস্তানলৈ আহিলে তেওঁ নাবাচিব। ইয়াৰ পিছতে এই ভাবুকিৰ তদন্তত নামিছে পিচিবি আৰু ক্ৰিকেট অষ্ট্ৰেলিয়া।

Post a Comment

0 Comments