অস্কাৰৰ মঞ্চত ‘কোডা’ৰ জয়জয়কাৰ, চাওক বিজয়ীৰ সম্পূৰ্ণ তালিকা

 


৯৪সংখ্যক একাডেমী পুৰস্কাৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে ছেইন হেডাৰ পৰিচালিত ‘কোডা’ই। দ্য বেটাৰ ফেমিলীৰ পৰা নিৰ্মিত এই ছবিখন মুক্তি পাইছিল এপল টিভি প্লাছত। ছবিখনত অভিনয় কৰিছে মাৰলিন মাৰ্টলিন, ট্ৰয় কোটছাৰে। ২০১৪ চনত এখন ফৰাচী ছবি নিৰ্মাণ হৈছিল, যাৰ নাম আছিল ‘লা ফেমিলিয়াৰ বিলিফ’। সেই ছবিখনৰ ওপৰত নিৰ্ভৰ কৰিয়ে নতুন ছবিখন নিৰ্মাণ হৈছে। ৰুবি ৰোছি নামৰ এগৰাকী কন্যাৰ জীৱন আৰু পৰিয়ালক লৈ নিৰ্মিত ছবিখনত দেখা গৈছে এক বধিৰ পৰিয়ালৰ একমাত্ৰ শ্ৰমণক্ষমতা সম্পন্ন কন্যাই কিদৰে পৰিয়ালৰ ব্যৱসায় আৰু ব্যক্তিগত জীৱনৰ মাজত এখ সংযোগ তৈয়াৰৰ চেষ্টা কৰে।

এইবাৰৰ অস্কাৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে ‘দ্য আইচ অব টেমি ফায়ে’ ছবিত অভিনয়ৰ বাবে জেছিকা ছেষ্টেনে। শ্ৰেষ্ঠ অভিনেত্ৰীৰ তালিকাত আছিল পেনেলোপে ক্ৰুজ, নিকোল কিডমেনৰ দৰে অভিনেত্ৰীসকল। আনহাতে, শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে উইল স্মিথে ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে। তেওঁ পিছ পেলালে বেনেডিক্ট কাম্বাৰবেচ আৰু ডেনজেল ৱাশ্চিংটনৰ দৰে অভিনেতাক। উইল স্মিথৰ জয়ৰ পিছত তেওঁৰ বক্তব্য আছিল সকলোকে অবাক কৰা ধৰণৰ। পুৰস্কাৰ হাতত লৈ কান্দি পেলালে অভিনেতাজনে। উইল  স্মিথৰ বিশ্বজোৰা খ্যাতিৰ লগতে এই পুৰস্কাৰে এক নতুন দিগন্তৰ উন্মোচন কৰিলে।

Post a Comment

0 Comments