হনীমুনত মৰণ 'ছেলফী'! দ-খাৱৈত পৰি কৰুণ মৃত্যুক সাৱটিলে নৱ-বিবাহিতা মহিলাই

 


হিমাচল প্ৰদেশৰ কিন্নৌৰৰ ছুইচাইড পইণ্টৰ খাৱৈত পৰি ৰহস্যজনক ভাবে মৃত্যু হ'ল পশ্চিমবংগৰ আগৰপাড়াৰ বাসিন্দা জয়য়িতা দাস(২৮) নামৰ মহিলাগৰাকীৰ।

হনীমুনলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে নৱ বিবাহিতা মহিলাই। হিমাচল প্ৰদেশৰ কিন্নৌৰৰ ছুইচাইড পইণ্টৰ খাৱৈত পৰি ৰহস্যজনক ভাবে মৃত্যু হ'ল পশ্চিমবংগৰ আগৰপাড়াৰ বাসিন্দা জয়িতা দাস(২৮) নামৰ মহিলাগৰাকীৰ।

জনা গৈছে যে, যোৱা ২০ ফেব্ৰুৱাৰীত আগৰপাড়াৰ নৰ্থ ষ্টেচন ৰোডৰ জয়িতা বিয়াত বহিছিল দমদম অঞ্চলৰ বাসিন্দা ৰাহুল পোড্ডাৰৰ সৈতে। বিয়াৰ পিছতে যোৱা ৮ মাৰ্চত নৱ-দম্পত্তি ফুৰিবলৈ বুলি হিমাচল প্ৰদেশলৈ গৈছিল। আৰু তাতেই এই কৰুণ ঘটনাটো সংঘটিত হয়।

Post a Comment

0 Comments