ভাৰতীয় বায়ুসেনা চামিল হ'ব অপাৰেচন গংগাত, প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশত ইউক্ৰেইন সীমান্তলৈ মাৰিব উৰা


 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে 'অপাৰেচন গংগা'ৰ অধীনত চলি থকা ইউক্ৰেইনস্থিত ভাৰতীয় স্থানান্তৰ প্ৰচেষ্টা বৃদ্ধি কৰাৰ বাবে ভাৰতীয় বায়ু সেনাক (IAF) যোগদান কৰিবলৈ নিৰ্দেশ দিয়ে (Evacuation Operation)।

মোদীয়ে কয়- "আমাৰ বায়ু সেনাৰ সামৰ্থ্য ব্যৱহাৰ কৰিলে নিশ্চিত যে কম সময়সীমাত অধিক লোকক স্থানান্তৰ কৰিব পৰা যাব। ই মানৱীয় সাহায্য অধিক দক্ষতাৰে প্ৰদান কৰাত সহায় কৰিব।"

উল্লেখ্য, ইউক্ৰেইনত (Ukraine) আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবে ভাৰতে চেষ্টা কৰি আছে। এই সমগ্ৰ দিশটোত প্ৰধানমন্ত্ৰীয়ে (Prime Minister Narendra Modi) গুৰুত্ব প্ৰদান কৰা দেখা গৈছে।

ইফালে ভাৰতৰ পৰা ইউক্ৰেইনলৈ নাগৰিকৰসকলৰ বাবে সামগ্ৰীও প্ৰেৰণ কৰাৰ কথা কোৱা হৈছে। ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমান আজি অপাৰেচন গংগাৰ অধীনত ইউক্ৰেইনলৈ উৰা মাৰিব পাৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য, প্ৰায় ১৪,০০০ ভাৰতীয় নাগৰিক এতিয়াও যুদ্ধবিধ্বস্ত দেশখনত আছে। চৰকাৰী বিষয়াসকলে কৈছিল যে আইএএফ এওঁলোকক স্থানান্তৰ পৰিকল্পনাৰ সৈতে সাজু আছে।

Post a Comment

0 Comments