প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে পাতিব কথা


 ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত অব্যাহত আছে যুদ্ধ (Russia-Ukraine War)। ১২ দিন ধৰি অব্যাহত আছে ৰাছিয়াৰ আক্ৰমণ। ইয়াৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) আজি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ (Volodymyr Zelenskyy) সৈতে ফোনত কথা পাতিব।

ভাৰত চৰকাৰৰ উচ্চপদস্থ সূত্ৰই নিউজ এজেন্সী ANIক এই কথা সদৰি কৰিছে। অৱশ্যে, আলোচনাৰ সময় সম্পৰ্কে কোনো কথা জনোৱা হোৱা নাই। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে পূৰ্বেও ভাৰতক ৰাছিয়াকৰ সৈতে আলোচনা কৰি যুদ্ধ বন্ধ কৰাত সহায় কৰিবলৈ আহ্বান জনাইছিল।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ (Vladimir Putin) সৈতে ফোনত বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনত আবদ্ধ ভাৰতীয় ছাত্ৰ–ছাত্ৰীক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাক লৈ পুটিনৰ সৈতে আলোচনা কৰে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ সেনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীক কয় যে ইউক্ৰেইনৰ সেনাই তাত থকা ভাৰতীয় ছাত্ৰ–ছাত্ৰীক আবদ্ধ কৰিছে আৰু তেওঁলোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিছে। ইয়াৰ লগতে ইউক্ৰেইনৰ সেনাই ভাৰতীয়ক ৰাছিয়া ক্ষেত্ৰলৈ যোৱাত বাধা দিয়া বুলিও উল্লেখ কৰে।

ভাৰতে ইউক্ৰেইনত আবদ্ধ নাগৰিকসকলক উদ্ধাৰ কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে। ইয়াৰ বাবে অপাৰেচন গংগা চলোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা নিজৰ নাগৰিকক ঘূৰাই অনাৰ বাবে চলোৱা ‘অপাৰেচন গংগা’ৰ সফলতাৰ কৃতিত্ব বৈশ্বিক স্তৰত ভাৰতৰ বৰ্ধিত প্ৰভাৱক দিয়ে।

Post a Comment

0 Comments