ধুবুৰীত এখন ব্যতিক্ৰমী বিয়া, দৰাঘৰীয়া কেন্দ্ৰীয় মন্ত্ৰী, কইনাঘৰীয়া আকৌ আৰক্ষী!

 


ধুবুৰীত এখন ব্যতিক্ৰমী বিয়া। একেলগে যুগ্ম জীৱনৰ পাতনি মেলিলে ১৯ দম্পতীয়ে। বিয়াত উপস্থিত থাকিল কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে চৰকাৰী বিষয়া আৰু আৰক্ষীও। বৃহস্পতিবাৰে ধুবুৰীৰ কালিবাৰীত অনুষ্ঠিত হয় এই গণ বিবাহ অনুষ্ঠান। ধুবুৰী কালীবাৰী মন্দিৰত কালীবাৰী ট্ৰাষ্টী ব’ৰ্ডৰ উদ্যোগত বিভিন্ন প্ৰান্তৰ পৰা দুখীয়া তথা দিব্যাংগ শ্ৰেণীৰ ১৯ হাল দম্পতীক লৈ গণ বিবাহৰ আয়োজন কৰে।

অনুষ্ঠানত দৰাঘৰীয়াৰ হৈ উপস্থিত থাকি ভাৰত চৰকাৰৰ সংখ্যালঘূ মন্ত্ৰণালয়ৰ মন্ত্ৰী জন বাৰলাই আৰ্শীবাদ দিলে দৰা–কইনাক। তেওঁৰ  লগতে উপস্থিত থাকিল বিটিআৰৰ নেতা মানেশ্বৰ দৈমাৰী আৰু বিটিআৰ চৰকাৰৰ টুৰিজিমৰ ইএম। কইনাঘৰীয়াৰ হৈ উপস্থিত থাকে ধুবুৰী জিলা আৰক্ষী।

ধুবুৰী জিলা আৰক্ষীৰ লগতে, ধুবুৰী জিলা অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ওৱাৰী, সমাজ সেৱক  দিপাংকৰ মজুমদাৰকে ধৰি বহু সমাজসেৱী লোক। অনুষ্ঠানত বিভিন্ন সমাজ সেৱী তথা ট্ৰাষ্টী ব’ৰ্ডৰ লোকসকলৰ প্ৰচেষ্টাত দান বৰঙণিৰে ১৯ গৰাকী দম্পতীকে সোণৰ আঙঠি আৰু সাজ–পাৰ, বয়–বস্তু প্ৰদান কৰা হয়। ট্ৰাষ্টী ব’ৰ্ডৰ এয়া পঞ্চম বৰ্ষৰ গণ  বিবাহ অনুষ্ঠান।

উদ্যোক্তাসকলৰ ভিতৰত অন্যতম দীপাংকৰ মুজুমদাৰে দিনজোৰা কাৰ্যসূচীৰে ১৯ হাল যুৱক–যুৱতীৰ যুগ্ম জীৱনৰ আৰম্ভণি কৰাই কলে, এয়া প্ৰায় শতবৰ্ষ গৰকা ধুবুৰী কালিবাৰীৰ সমাজৰ পিছপৰা লোকৰ বাবে থকা দায়বদ্ধতাৰ এক নিৰ্দশন মাত্ৰ। ভবিষ্যতে এনে অনুষ্ঠান আৰু বৃহৎ আকাৰত কৰিবলৈ তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত থাকিব।

Post a Comment

0 Comments