মেৰীকমে নেখেলে বিশ্ব বক্সিং আৰু এছিয়ান গেমছত, প্ৰস্তুতি চলাই আছে চলিত বৰ্ষৰ কমনৱেলথ গেমছৰ বাবে


অলিম্পিকৰ পদক বিজয়ী তাৰকা বক্সাৰ মেৰী কমে আগন্তুক ইষ্টানবুলৰ ইন্টাৰনেচনেল বক্সিং এছোচিয়েচনৰ এলিট বিশ্ব বক্সিং আৰু চীনৰ এছিয়ান গেমছত অংশগ্ৰহণ নকৰে। সম্প্ৰতি ভাৰতবৰ্ষৰ ৰাজধানী চহৰ নতুন দিল্লীত চলি থকা বিশ্ব বক্সিঙৰ যোগ্যতা নিৰ্ণয়কাৰী খেলতো অংশ লোৱা নাই মেগনিফিচেন্ট মেৰী কমে।

তুৰস্কৰ মহিলা বিশ্ব বক্সিং আৰু চীনৰ হাংজাওৰ এছিয়ান গেমছ (Asian Games)ৰ পৰিৱৰ্তে মেৰী কমে (Mary Kom)বেছিকৈ প্ৰস্তুতি চলাই আছে চলিত বৰ্ষতে  বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া সন্মানীয় কমনৱেলথ গেমছৰ বাবে। ছয়বাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰী কমে এইক্ষেত্ৰত কয়- "মই উদিয়মান খেলুৱৈসকলৰ বাট মুকলি কৰি দিয়াৰ বাবেই বিশ্ব বক্সিং আৰু এছিয়ান গেমছত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছোঁ।"

দেশৰ সন্মানীয় খেলুৱৈগৰাকীৰ এই মহানুভৱতাক প্ৰশংসা কৰে দেশৰ ক্ৰীড়া প্ৰেমীয়ে। দেশৰ সকলোৱে আশা কৰিছে যে মেৰী কম (Olympic medallist star boxer Mary Kom) নতুন প্ৰজম্মৰ বাবে সদায়েই আদৰ্শ হৈ থাকক আৰু অনাগত দিনত সকলোৱে সফলতা অৰ্জন কৰক।

Post a Comment

0 Comments