মাজুলীত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি, প্ৰায় ৩ হাজাৰ ভোটত পিছ পৰিছে AJPৰ চিত্তৰঞ্জন

 


আজি ঘোষণা কৰা হ'ব মাজুলী উপ নিৰ্বাচনৰ ফলাফল। শেহতীয়া খবৰ অনুসৰি প্ৰথম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে মাজুলীত। সৰ্বমুঠ ১৫টা ৰাউণ্ডত গণনা কৰা হ'ব ফলাফল। প্ৰথম ৰাউণ্ডৰ ফলাফল অনুসৰি প্ৰায় ৩,৫০০ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী ভূৱন গাম। প্ৰথম ৰাউণ্ডত অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীয়ে এক সহস্ৰাধিক ভোট পাবলৈ সক্ষম হৈছে। অনুমান কৰা হৈছে যে, দুপৰীয়া প্ৰায় ১, ২ বজাত ফলাফলৰ এখন স্পষ্ট ছবি লাভ কৰিব পৰা যাব।

বিভিন্ন মহলত হোৱা চৰ্চা অনুসৰি মাজুলী উপ নিৰ্বাচনত জাতীয় পৰিষদৰ তুলনাত ফ্ৰণ্টফুটত আছে বিজেপি।

Post a Comment

0 Comments