এইবাৰ দুবাৰ অনুষ্ঠিত হ'ব পৰীক্ষা, JEE Main 2022ৰ প্ৰথমটো ছীজন এপ্ৰিলত আৰু দ্বিতীয়টো মে'ত, সবিশেষ চাওক


 JEE সম্পৰ্কে দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই ২০২২ বৰ্ষৰ যুটীয়া প্ৰৱেশ পৰীক্ষাৰ (JEE) তাৰিখ ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই (NTA) এই বছৰ দুবাৰকৈ JEE Main 2022 পৰিচালনা কৰিব। JEE Main 2022ৰ প্ৰথম ছীজন এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু দ্বিতীয়টো মে'ত অনুষ্ঠিত হ'ব।

JEE Main 2022ৰ বাবে আবেদন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ ১ মাৰ্চ ২০২২ আৰু প্ৰথম পৰীক্ষাৰ বাবে JEE Main 2022 আবেদন প্ৰপত্ৰ পূৰণ কৰাৰ অন্তিম তাৰিখ হৈছে ৩১ মাৰ্চ, ২০২২। প্ৰাৰ্থীসকলে JEE Main 2022ৰ বিৱৰণৰ বাবে  jeemain.nta.nic.in অফিচিয়েল ৱেবছাইট দৰ্শন কৰিব পাৰে।

নেচনেল টেষ্টিং এজেন্সী (NTA)য়ে JEE Main 2022ৰ তাৰিখ ঘোষণা কৰাৰ সময়ত কয় যে প্ৰথম ছীজন ১৬ এপ্ৰিলৰ পৰা ২১ এপ্ৰিলৰ ভিতৰত অনুষ্ঠিত হ'ব, আনহাতে দ্বিতীয় ছীজন ২৪ মে'ৰ পৰা ২৯ মে'ৰ ভিতৰত অনুষ্ঠিত হ'ব।

ভাৰতীয় তথ্য প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান (IIIT) আৰু ৰাষ্ট্ৰীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান (NIT)কে ধৰি প্ৰতিষ্ঠানসমূহত সমগ্ৰ দেশৰ অভিযান্ত্ৰিক আৰু বাস্তু পাঠ্যক্ৰমত স্নাতক নামভৰ্তি বিচৰা প্ৰাৰ্থীসকলৰ বাবে JEE Main 2022 অনুষ্ঠিত কৰা হয়। JEE Mainত শীৰ্ষ নম্বৰ অৰ্জন কৰা প্ৰাৰ্থীসকলে JEE Advanced 2022ত অৱতীৰ্ণ হ'বলৈ যোগ্য হ'ব।

উল্লেখ্য, JEE Main দুখন কাকতৰ বাবে হ'ব। প্ৰথম কাকতখন BE আৰু BTec পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কম্পিউটাৰ আধাৰিত হ'ব। যদিও পেপাৰ 2A আৰু পেপাৰ 2B-ৰ বাবে গণিত আৰু দক্ষতা পৰীক্ষা সচৰাচৰ হয়। JEE Main হিন্দী, ইংৰাজী আৰু গুজৰাটীৰ উপৰি অসমীয়া, বঙালী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল, তেলুগু, উৰ্দু ভাষাত পতা হ'ব।

Post a Comment

0 Comments