''জিদান আৰু মোৰ বাবে ফুটবল আৰু কমি অহা চুলিৰ ৰেখা একে''- মণিপুৰৰ মুখ্যমন্ত্ৰীৰে NEWS18ৰ বিশেষ সাক্ষাৎকাৰ


বিধানসভা নিৰ্বাচন চলি থকাৰ লগে লগে মণিপুৰৰ মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ (BJP) নেতা এন বীৰেন সিঙৰ বাবে এই দিনবোৰ ব্যস্ততাপূৰ্ণ দিন। ৰাজ্যখনৰ দুটা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায় ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় আৰু দ্বিতীয়টো পৰ্যায় অনুষ্ঠিত হ'ব ৫ মাৰ্চত। ভোটগণনা কৰা হ'ব ১০ মাৰ্চত। এনে ব্যস্ততাৰ সময়তো বুধবাৰে নিশা প্ৰায় ৯ বজাত মুখ্যমন্ত্ৰী কাৰ্যালয়ে (CMO) NEWS18ৰ সৈতে এক বিশেষ সাক্ষাৎকাৰৰ বাবে বীৰেন সিঙৰ (BJP leader N Biren Singh) এপইণ্টমেণ্ট নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছিল। এই সাক্ষাৎকাৰৰ সময়ত তেওঁ ৰাজনীতি, নিৰ্বাচনী ফলাফলক লৈ অভিমতৰ লগতে ফুটবল আৰু খাদ্যৰ (football and food) প্ৰতি তেওঁৰ প্ৰেমৰ বিষয়ে কৈছিল। সাক্ষাৎকাৰটোৰ সম্পাদিত ৰূপ আপোনালোকলৈ বুলি আগবঢ়োৱা হ'ল।

"এন বীৰেন সিঙে গ'ল কৰিব পাৰে আৰু দলক বচাবও পাৰে।" এই মন্তব্যৰ পৰা আমি কি অনুমান কৰিম? ৰাজনীতিত আপুনি কি পছন্দ কৰে- ''গ'ল'' দিয়া নে ''প্ৰতিৰক্ষা'' কৰা?

-এইটো অমিত শ্বাহজীৰ (Amit Shah) দ্বাৰা কৰা এটা মন্তব্য আছিল। মই বাওঁ উইংবেকত খেলোঁ, কিন্তু যেতিয়া সময় আহে, মই অভাৰলেপ কৰোঁ আৰু স্ক'ৰ কৰোঁ। অৱশ্যে, মোৰ স্থায়ী স্থিতি হৈছে মোৰ দলক পৰাজয়ৰ পৰা ৰক্ষা কৰা। যোৱা পাঁচ বছৰত মই অধিক স্ক'ৰ লাভ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু মই লাভো কৰিছিলোঁ। কেতিয়াবা মই পিছুৱাই যোৱা আৰু প্ৰতিৰক্ষা কৰাৰ প্ৰয়োজনো হৈছিল।

যেতিয়া আপোনাৰ বিৰুদ্ধে কোনো বিষয় দিল্লী পাইছিলগৈ, তেতিয়া ইয়াক প্ৰতিৰোধ কৰাটো কিমান কঠিন আছিল?

-হে ভগৱান, চৰকাৰ প্ৰায় নাইকিয়া হৈ গৈছিল। এবাৰ ৰাজ্যসভা নিৰ্বাচনৰ (Rajya Sabha elections) সময়ত আৰু আনবাৰ যেতিয়া সদনত অনাস্থা প্ৰস্তাৱ অনা হৈছিল। এই পাঁচ বছৰত মিত্ৰজোঁটৰ চৰকাৰ চলোৱাটো কঠিন আছিল। দিল্লীৰ মানুহে কৈছিল, "বীৰেন জী, আপতো চাৰ্কাছ খেল ৰহে হ্যে, চৰকাৰ ন্যেহি চল ৰহে হ্যে (আপুনি চৰকাৰ নহয়, চাৰ্কাচ চলাই আছে)। এইটো বৰ কঠিন আছিল। মোক সকলো সময়তে পথ প্ৰদৰ্শন কৰাৰ বাবে মই ঈশ্বৰ আৰু কেন্দ্ৰীয় নেতাসকলক ধন্যবাদ জনাইছোঁ। 

Post a Comment

0 Comments