কাইলৈৰ পৰা দেশত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ, কেন্দ্ৰীয় চৰকাৰে যাত্ৰীসকলক দিলে এই ডাঙৰ সকাহ ! প্ৰয়োজনীয় তথ্যসমূহ জানক ...

 


Corona মহামাৰীৰ বাবে ২০২০ চনৰ মাৰ্চমাহৰ পৰা বন্ধ হৈ থকা আন্তঃৰাষ্ট্ৰীয় বিমান (International Flights) সেৱা কাইলৈৰ পৰা অৰ্থাৎ ২৭ মাৰ্চৰ পৰা আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে, কেন্দ্ৰীয় চৰকাৰে বিমানবন্দৰ আৰু বিমানত বিদ্যমান Covid-19 নিয়মত কেইবাটাও শিথিলতা ঘোষণা কৰিছে।

অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ নতুন নিয়ম অনুসৰি, কেবিন ক্ৰু সদস্যসকলে এতিয়া ব্যক্তিগত সুৰক্ষা সঁজুলি (PPE) কিট পিন্ধাৰ প্ৰয়োজন নাই আৰু বিমানবন্দৰত নিৰাপত্তা কৰ্মীয়ে প্ৰয়োজন হ'লে যাত্ৰীসকলৰ তালাচী পুনৰ আৰম্ভ কৰিব পাৰে।

Post a Comment

0 Comments