হিংসা ঘৃণা আৰু ৰাজনীতিৰ উৰ্ধত এখন ফটো, বিছমা মাহৰুফৰ কণমানিলৈ টীম ইণ্ডিয়াৰ অকৃত্ৰিম চেনেহৰ নিদৰ্শন


 দুই দেশৰ মাজত জন্মাৱধি দুৰ্ঘোৰ বৈৰীতা, সীমান্তত প্ৰতি নিয়ত বন্দুকৰ গৰ্জন, সত্বাধাৰীসকলৰ মুখত অনৰ্গল বিষবাক্য...তাৰ মাজতে দেওবাৰে সীমাৰ ইপাৰ-সিপাৰ আৱৰি ধৰি ভাইৰেল হৈ পৰিল এখন বিশেষ ফটো।

সুধাকণ্ঠ ভূপেন হাজৰিকাই ঠিকেই কৈছিল...এই পৃথিৱী এক ক্ৰড়াংগন...ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। এই ক্ৰীড়াংগনৰ পৰাই যে শান্তিৰ এক নতুন বীজৰ অংকুৰণ ঘটিছে দেওবাৰে মহিলা বিশ্বকাপ ক্ৰিকেটৰ খেলপথাৰৰ পৰা। এই ফটোখনে তেনে হাজাৰ হাজাৰ শান্তিৰ বাৰ্তাকেই যেন কঢ়িয়াই আনিছে।

Post a Comment

0 Comments