বেটে–বলে উজলি উঠিল দূৰন্ত তৰুণী, পাকিস্তানক বিধ্বস্ত কৰি বিশ্বকাপত অভিযান আৰম্ভ কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে


 দেওবাৰে পাকিস্তানক পৰাস্ত কৰি বিশ্বকাপত (Women's Cricket World Cup 2022) অভিযান আৰম্ভ কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। বেটিং–বলিং দুয়োটাতে উজলি উঠিল ভাৰতীয় দল। বিশ্বকাপৰ (Women's Cricket World Cup 2022) ভাৰত বনাম পাকিস্তান (IND W vs PAK W)ৰ মাজৰ প্ৰথমখন মেচত ভাৰতে ১০৭ ৰানত জয়লাভ কৰে। পাকিস্তানে ৪৩ অভাৰত ১০টা উইকেট হেৰুৱাই ১৩৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। জয়ৰ বাবে পাকিস্তানৰ লক্ষ্য আছিল ২৪৫ ৰান।

বলিঙত এটা সময়ত পৰাক্ৰম দেখুৱালেও বেট হাতত লৈ কোনোপধ্যেই মেচৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিব নোৱাৰিলে পাকস্তানে। বলিঙত উজলি উঠে ভাৰতৰ ৰাজেশ্বৰী কায়কোৱাৰ। তাৰ উপৰি ঝুলন গোস্বামী, স্নেহ ৰানাই দুটাকৈ উইকেট লাভ কৰে।

Post a Comment

0 Comments