আপোনাৰ ম'বাইল নম্বৰটো জিঅ'লৈ পোৰ্ট কৰিব বিচাৰে? ঘৰত বহিয়ে কৰক এনেদৰে...


 ৰিলায়েন্স জিঅ'ৰ চাহিদা সম্প্ৰতি বৃদ্ধি পাইছে। মুকলি হোৱাৰ কেইদিনমানৰ ভিতৰতে জিঅ'ই গ্ৰাহকৰ ক্ষেত্ৰত দেশৰ অন্যান্য প্ৰতিষ্ঠিত টেলিকম কোম্পানীবোৰক অতিক্ৰম কৰে। বহু গ্ৰাহকে আন যিকোনো নেটৱৰ্কৰ পৰা জিঅ'লৈ পোৰ্ট কৰিব বিচাৰিলে তেওঁলোকে কি জৰুৰী পদক্ষেপ ল'ব লাগিব, তাক লৈ বিশেষ কৌতূহল হোৱা দেখা যায়। এনে অৱস্থাত জানি লওক আপুনি আপোনাৰ নম্বৰ জিঅ'লৈ কেনেদৰে পোৰ্ট কৰিব পাৰিব (Number Port to Jio)।

-আপুনি পোৰ্ট কৰিব লগা ম'বাইল নম্বৰৰ পৰা PORT <১০টা অংকৰ মবাইল নম্বৰ> লিখি SMS কৰক 1900লৈ।

-এনে কৰাৰ পিছত আপুনি এটা এছএমএছ পাব য'ত ইউপিচি কোড (UPC code) আৰু ইয়াৰ ম্যাদ উকলি যোৱা তাৰিখ থাকিব

-এতিয়া, সেই ইউপিচি কোডৰ সৈতে আইডি প্ৰমাণ যথা অৰিজিনেল আধাৰ কাৰ্ড / ঠিকনাৰ প্ৰমাণ পত্ৰ / পৰিচয় পত্ৰসহ নিকটতম জিঅ' ষ্ট'ৰ বা জিঅ' ৰিটেইলাৰত দাখিল কৰক।


ইয়াৰ কেইদিনমানৰ ভিতৰত আপোনাৰ মবাইল নম্বৰ জিঅ'লৈ পোৰ্ট কৰা হ'ব আৰু আপুনি জিঅ'ৰ গ্ৰাহক হ'ব।

মনত ৰাখিব
- বৰ্তমান অপাৰেটৰৰ সৈতে আপোনাৰ সকলো বাকী থকা বকেয়া পৰিশোধ কৰা উচিত (যদি আপোনাৰ এটা পোষ্ট-পেইড ম'বাইল সংযোগ আছে)
- চৰকাৰী নিয়ম অনুসৰি, যদি আপুনি একেটা টেলিকম চাৰ্কলৰ ভিতৰত পোৰ্ট-ইন কৰি আছে, সফল বৈধতাৰ পিছত ৩ কৰ্মদিনৰ ভিতৰত নম্বৰটো সক্ৰিয় কৰা হ'ব। অন্যান্য টেলিকম চাৰ্কললৈ পোৰ্ট-ইন কৰাৰ বাবে ইয়াত ৫টালৈকে কৰ্মদিন লাগিব। মধ্যৱৰ্তী সময়ত আপোনাৰ সেৱাসমূহ ব্যাহত নহ'ব।
-জম্মু-কাশ্মীৰ, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকৰ বাবে ১৫টা কৰ্মদিনৰ ভিতৰত প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। মধ্যৱৰ্তী সময়ত আপোনাৰ সেৱাসমূহ ব্যাহত নহ'ব। আনহাতে, নতুন জিঅ' ছিমৰ বাবে ইয়াত ক্লিক কৰিব পাৰে।

 

Post a Comment

0 Comments