জেঠী বা আন কীট–পতংগৰ উপদ্ৰৱে আমাৰ দৈনন্দিত জীৱনত অস্বস্তিৰ সৃষ্টি কৰে। জেঠীৰ সমস্যাৰ পৰা মুক্তি পাবলৈ বহু ঘৰুৱা উপায় আছে। ইয়াৰ ব্যৱহাৰ যিমান সহজসাধ্য, ফলাফলো পাব শীঘ্ৰে।
কফি – কফি আৰু চাধাৰ মিশ্ৰণ কৰি সৰু সৰু বল বনাই ঘৰৰ প্ৰতিটো কোণত সাৱধানে ৰাখি দিয়ক। অৱশ্যে শিশুৰ পৰা দূৰত ৰাখিব।
নেপথেলিন বল – ঘৰৰ চাৰিওফালে, প্ৰতিটো ড্ৰয়াৰত, আলমিৰা বা কোণত নেপথেলিন বল ৰাখক। এই বলৰ গোন্ধৰ পৰা দূৰত থাকে জেঠী।
পেপাৰ স্প্ৰে – পানীত কিছু জালুকৰ গুৰি মিহলাই ঘৰৰ চাৰিওফালে স্প্ৰে
ঠাণ্ডা পানী – জেঠী সাধাৰণতে সৰীসৃপজাতীয় হোৱা বাবে উষ্ণতা পছন্দ কৰে আৰু প্ৰাথমিকভাৱে উষ্ণ স্থানত থাকে। জেঠীৰ ওপৰত ঠাণ্ডা পানী ছটিয়াই দিলে ইয়াৰ গতি মন্থৰ হৈ পৰে, তেতিয়া ইয়াক ধৰা একেবাৰে সহজ হৈ পৰে।
মচূৰৰ পাখি – ঘৰৰ ময়ূৰৰ পাখি ব্যৱহাৰ কৰিলে জেঠী দূৰ কৰাত সহায়ক হয়।
কণীৰ বাকলি – কণীৰ বাকলিৰ গোন্ধে জেঠী দূৰ কৰাত সহায় কৰে।
টবাস্কো ছছ – পানীৰ সৈতে এক বা দুই টেবুল চামুচ মিহলাই স্প্ৰে কেনত ভৰাই জেঠী অহা–যোৱা কৰা স্থানত স্প্ৰে কৰক।
0 Comments