ইউক্ৰেইনত আবদ্ধ যোৰহাটৰ লোকসকলৰ আত্মীয়সকলৰ সুবিধাৰ্থে যোৰহাটত জৰুৰীকালীন সেৱা কেন্দ্ৰ মুকলি


 ৰাছিয়া-ইউক্ৰেইনৰ মাজত সংঘটিত ভয়ংকৰ যুদ্ধৰ মাজতে ইউক্ৰেইনত আবদ্ধ হৈ থকা যোৰহাটৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক তথা আত্মীয়সকলৰ সুবিধাৰ বাবে যোৰহাট জিলা প্ৰশাসনে এটা জৰুৰীকালীন সেৱা কেন্দ্ৰ মুকলি কৰিছে। ইউক্ৰেইনত থকা যোৰহাটৰ ছাত্ৰ-ছাত্ৰীসকলৰ সন্দৰ্ভত কোনো তথ্যৰ বাবে আত্মীয়সকলক এই জৰুৰীকালীন সেৱা কেন্দ্ৰৰ (DIEO) সৈতে যোগাযোগ কৰিবলৈ যোৰহাট জিলা প্ৰশাসনে অনুৰোধ জনাইছে। এই কেন্দ্ৰই ইউক্ৰেইনত আবদ্ধ হৈ থকা লোকসকলক সুৰক্ষিতভাৱে দেশলৈ ওভতাই অনাৰ ক্ষেত্ৰত কৰিবলগীয়া যাৱতীয় যোগাযোগৰ ব্যৱস্থা কৰিব।

এই জৰুৰীকালীন সেৱা কেন্দ্ৰই এই সন্দৰ্ভত যোগাযোগৰ বাবে দুটা ফোন নম্বৰ মুকলি কৰিছে। এই ফোন নম্বৰ দুটা হ’ল ক্ৰমে 0376-2300124 আৰু টোল ফ্ৰী নম্বৰ 1077। গতিকে এই সন্দৰ্ভত কিবা কথা জানিব লগা থাকিলে ইউক্ৰেইনত আবদ্ধ হৈ থকা লোকসকলৰ আত্মীয়সকলক এই দুটা নম্বৰত ফোন কৰিবলৈ যোৰহাট জিলা প্ৰাশাসনে আহ্বান জনাইছে।

Post a Comment

0 Comments