যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা আৰু ৪২০ জন ভাৰতীয় ঘৰলৈ উভতি আহিছে, আহি পালে অসমৰো ৩ শিক্ষাৰ্থী

 


যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ৪০০ তকৈও অধিক ভাৰতীয় (Indians in Ukraine) বৃহস্পতিবাৰে সুৰক্ষিতভাৱে দিল্লীত উপস্থিত হয়। ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানখন ৰোমানিয়া আৰু হাংগেৰীৰ ছাত্ৰ-ছাত্ৰীক লৈ ভাৰতত উপস্থিত হৈছিল। বুধবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ (Vladimir Putin) সৈতে ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰাৰ সন্দৰ্ভতো আলোচনা কৰে। ইয়াত, ৰাছিয়াৰ সেনাও খাৰকিভৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰাত সহায় কৰিবলৈ সন্মত হৈছে।

ইউক্ৰেইনৰ পৰা অসমৰ আৰু ৩ গৰাকী শিক্ষাৰ্থী নতুন দিল্লীত উপস্থিত হৈছে। স্বাতী যোশী (গুৱাহাটী), তানিয়া মহন্ত (দুলিয়াজান) আৰু ইভেঞ্জেলিন বসুমতাৰী (ওদালগুৰি)ক এমইএ-য়ে স্থানান্তৰ কৰিছে আৰু আজি আইজিআই বিমানবন্দৰত অসম ভৱনৰ বিষয়াসকলে আদৰণি জনায়। তেওঁলোকৰ অসমলৈ টিকটৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Post a Comment

0 Comments