পুনৰ নেহৰু ষ্টেডিয়ামত ফুটবল, অৱশেষত ফুটবলৰ অনুশীলনৰ বাবে খুলি দিলে নেহৰু ষ্টেডিয়াম।

 


গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম (Nehru Guwahati Stadium)ত পুনৰ অনুশীলন কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে ফুটবলাৰসকল। শেহতীয়াকৈ অসমৰ হাজাৰ হাজাৰ ফুটবলাৰে নেহৰু ষ্টেডিয়ামখন ফুটবল (Football)ৰ বাবে সংৰক্ষণৰ দাবীত ৰাজপথ উত্তাল কৰিছিল। উলিয়াইছিল বৃহৎ প্ৰতিবাদী শোভাযাত্ৰা। মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)য়ো তাৎক্ষণিকভাৱে প্ৰকাশ কৰিছিল নিজৰ প্ৰতিক্ৰিয়া আৰু কৈছিল ৰঞ্জী ট্ৰফী শেষ হোৱাৰ পিছতেই ফুটবল খেল চলিব নেহৰু ষ্টেডিয়ামত।

কথা মতে কাম, নেহৰু ষ্টেডিয়ামত দেওবাৰে ঝাৰখণ্ড বনাম তামিলনাডুৰ মাজৰ ৰঞ্জী ট্ৰফীৰ খেল শেষ হোৱাৰ পিছতেই মঙলবাৰৰ পৰা নেহৰু ষ্টেডিয়ামত আৰম্ভ হ'ল ফুটবলৰ অনুশীলন। বহু দিনৰ মূৰত খেলপথাৰত ফুটবলৰ অনুশীলন কৰিবলৈ পাই আনন্দ অনুভৱ কৰে যুৱ ফুটবলাৰ সকলে। অসমৰ দুই প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ হেম দাস আৰু কিশোৰ চেত্ৰীয়েও দীৰ্ঘ সময়ৰ মুৰত নেহৰু ষ্টেডিয়ামত ফুটবল খেলিবলৈ পাই উৎফুল্লিত হৈ পৰে।

Post a Comment

0 Comments