THE KASHMIR FILES চাবলৈ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অৰ্ধছুটী ঘোষণা কৰা কাৰ্যৰ বিৰোধিতা বিশ্ববিদ্যালয় আছুৰ

 


গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষ‌ই বিগত ২৩ মাৰ্চ তাৰিখে THE KASHMIR FILES চলচিত্ৰ চাবলৈ কৰিব বিচৰা শিক্ষক, বিষয়া আৰু কৰ্মচাৰীলৈ অৰ্ধছুটী প্ৰদানৰ বাবে জাৰি কৰা জাননীক লৈ জাঙুৰ খাই পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গোট। গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে হিমানী কলিতা-অনুস্মিতা দাস আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে কংকন মেধি-মৃদুস্মিতা ডেকাই এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, শিক্ষানুষ্ঠানখনে বিদ্যায়তনিক কাম-কাজ বাদ দি চলচিত্ৰ চাবলৈ ছুটী প্ৰদান কৰা কাৰ্য কোনো কাৰণতেই বিশ্ববিদ্যালয়খনৰ শৈক্ষিক, প্ৰশাসনিক পৰিৱেশৰ অনুকূল হ'ব নোৱাৰে।

কোভিডৰ বাবে যোৱা দুটা বৰ্ষত বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক কাম–কাজত যথেষ্ট নেতিবাচক প্ৰভাৱ পৰাৰ পাছতেই এতিয়া ক্ৰমশঃ স্বাভাৱিক অৱস্থা ঘূৰি আহিবলৈ ল‌ওঁতেই কৰ্তৃপক্ষ‌ই বিদ্যায়তনিক, প্ৰশাসনিক কাম-কাজ বাদ দি চলচিত্ৰ চাবলৈ উৎসাহ যোগোৱা কাৰ্য হাস্যকৰেই নহয়, হঠকাৰী বুলি বিজ্ঞপ্তিটোত প্ৰকাশ। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৫ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এনে সিদ্ধান্ত লোৱা কৰ্তৃপক্ষ‌ই এই বিশেষ চলচিত্ৰখনৰ প্ৰতি কি দৰদ অনুভৱ কৰিলে সেই কথা ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ আহ্বান জনায়।

Post a Comment

0 Comments