কাতাৰ বিশ্বকাপৰ পৰা বহিষ্কৃত ৰাছিয়া, ইউক্ৰেইন আক্ৰমণৰ বাবে সিদ্ধান্ত ফিফাৰ


 কাতাৰ অনুষ্ঠিত হ’বলগীয়া ফুটবল বিশ্বকাপ (World Cup 2022)ৰ পৰা ৰাছিয়াক বহিষ্কাৰ কৰিলে ফিফাই (Fifa Expels Russia)। ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ফুটবলৰ সৰ্বোচ্চ নিয়ামক সংস্থাটোৱে। ফিফাৰ লগতে উয়েফায়ো ৰাছিয়াৰ সকলো ক্লাবক ছাছপেণ্ড কৰিছে। আন্তৰ্জাতিক অিম্পিক কমিটীৰ ফালৰ পৰা সকলো ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাৰ পৰা ৰাছিয়া আৰু বেলাৰুছৰ ক্ৰীড়াবিদসকলক বাদ দিয়াৰ বাবে আবেদন জনাইছিল। তাৰ পিছতে এই সিদ্ধান্তৰ কথা জনায় ফিফা আৰু উয়েফাই।

ফিফা আৰু উয়েফাৰ ফালৰ পৰা সোমবাৰে বিবৃতি জাৰি কৰি কোৱা হয়, ‘ফিফা আৰু উয়েফাই সিদ্ধান্ত লৈছে যে ৰাষ্ট্ৰীয় আৰু ক্লাব পৰ্যায়ৰ ৰাছিয়াৰ সকলো দলকে ফিফা আৰু উয়েফাই আয়োজিত কৰা প্ৰতিযোগিতাৰ পৰা নিলম্বন কৰা হ’ব। ফুটবল বিশ্ব এই বিষয়ত ঐক্যবদ্ধ আছে আৰু ইউক্ৰেইনৰ আক্ৰান্তসকলৰ কাষত আছে।’

বিবৃতিত আশা প্ৰকাশ কৰা হয় যে খুব শীঘ্ৰে ইউক্ৰেইনৰ পৰিস্থিতিৰ উন্নতি হ’ব যাতে ফুটবলে মানুহৰ মাজত শান্তি আৰু একতা ঘূৰাই অনাৰ যোগসূত্ৰ হিচাপে কাম কৰিব পাৰে।

Post a Comment

0 Comments