জ্যোতিষীয়ে বিচাৰিছিল নগ্ন ফটো, শাৰীৰিক সম্পৰ্ক কৰিবলৈ কৰিছিল বাধ্য, মহিলাই কৰিলে এই ভয়ংকৰ কাণ্ড

 


ভৱিষ্যত চোৱাৰ নামত এইজন জ্যোতিষীয়ে মহিলাৰ পৰা বিচাৰে নগ্ন ফটো। বহু মহিলাই ছলাহী কথাত ভোল গৈ নগ্ন ফটো দিছিল এইজন জ্যোতিষীক। তাৰ পিছতে জ্যোতিষ মহাৰাজে নগ্ন ফটো ছচিয়েল মিডিয়াত ভাইৰেল কৰি দিম বুলি ব্লেকমেইল কৰিছিল বহু মহিলাক। পিছে মিছা কথাৰ ঠেং ছুটি হোৱাৰ দৰেই বেছিদিন এই লীলা-খেলা কৰিব নোৱাৰিলে জ্যোতিষীয়ে। এগৰাকী ভুক্তভোগী মহিলাই স্বামী আৰু বন্ধুৰ সৈতে মিলি কিডনেপ কৰি পেলালে জ্যোতিষীক।

এই ঘটনা ৰাজস্থানৰ জয়পুৰৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাৰ নাঙঠ ফটো বিচৰা জ্যোতিষীক। আচলতে মহিলাৰ নাঙঠ ফটো বিচৰা এইজন এজন ভুৱা জ্যোতিষী। আৰক্ষীয়ে জনোৱা মতে জয়পুৰ বিমানবন্দৰৰ এজন কৰ্মচাৰীহে এইজন। জ্যোতিষীৰ বেশত মহিলাক ব্লেকমেইল কৰি যৌন ক্ষুধা পূৰাবৰ চেষ্টা কৰিছিল ভণ্ডটোৱে। কিন্তু এগৰাকী মহিলাই কিডনেপ কৰি এশিকনি দিয়াৰ পিছতে পোহৰলৈ আহিল সকলো।

জানিব পৰা মতে মহিলাগৰাকী আৰু ভণ্ডটো একেলগেই কাম কৰিছিল। বিয়াৰ পিছত তাইক পিছা নকৰিবলৈ সকীয়াই দিছইল যদিও ভণ্ডটোৱে ফটো ভাইৰেল কৰি দিম বুলি মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ চেষ্টা কৰিছিল। আনকি মহিলাগৰাকীৰ স্বামীয়েও তাক পুনৰ তেনে নকৰিবলৈ সকীয়াই দিছিল। কিন্তু ইমানৰ পিছতো লম্পটটোৱে পিছ এৰা নাছিল।

ভণ্ড জ্যোতিষীটোৱে এটা মলৰ সন্মুখত ৰৈ থাকোতে মহিলাগৰাকী আৰু স্বামীয়ে মিলি কিডনেপ কৰে। এখন গাড়ীত জোৰজবৰদস্তি বহুৱাই লৈ এক নিৰ্জন ঠাইলৈ নি হেপাহ পলুৱাই ৰামপিটন দিলে ভণ্ডটোক। তাৰ পিছতে থানালৈ নি আৰক্ষীক গতাই দিয়ে।

কিন্তু আৰক্ষীয়ে ওলোটাই মহিলাগৰাকী, স্বামী আৰু আনকেইজনকহে গ্ৰেপ্তাৰ কৰে। কিন্তু পিছত অনুসন্ধান কৰাত ভণ্ডটোৰ মোবাইলৰ পৰা উদ্ধাৰ হয় বহু মহিলা-যুৱতীৰ নগ্ন ফটো। এতিয়া সকলো ফটোৰ ফৰেণছিক পৰীক্ষা কৰা হ'ব।

Post a Comment

0 Comments