কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ, কালৈ লক্ষ্য কৰি আৰক্ষীয়ে কৰিলে গুলীচালনা?

 


কোকৰাঝাৰত আৰক্ষীৰ এনকাউণ্টাৰ। গাঞ্জা সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আজি পুৱতিনিশা কোকৰাঝাৰৰ দনগাঁৱত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত আহত গাঞ্জা সৰবৰাহকাৰী আৰিফ খান।

যোৱানিশা শ্ৰীৰামপুৰত আৰক্ষীয়ে অভিযান চলাই HR 38 U 1778 নম্বৰৰ গাড়ীসহ ১০৫ কেজি গাঞ্জা জব্দ কৰিছিল। গাড়ীৰ চালক তথা সৰবৰাহকাৰী আৰিফ খানে আৰু কিছু গাঞ্জা লুকাই ৰাখিছিল বুলি জেৰাত স্বীকাৰ কৰিছিল আৰু সেইখিনি গাঞ্জা উদ্ধাৰ কৰিবলৈ যাওঁতে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে আৰিফ খানে। ফলত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

ইপিনে সকলো তথ্য গাপ দিয়াৰ বাবে দুৰ্বৃত্তই যোৱানিশা আৰক্ষীৰ জিম্মাত থকা গাঞ্জা কঢ়িওৱা ট্ৰাকখনত অগ্নিসংযোগ কৰে৷ আহত আৰিফ খানক বৰপেটা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Post a Comment

0 Comments