দিল্লী কেপিটেলছৰ বাছত দুৰ্বৃত্তৰ আক্ৰমণ, চাৰিটা ধাৰাত মুম্বাই আৰক্ষীৰ গোচৰ ৰুজু

 


২৬ মাৰ্চৰ পৰা মুম্বাইত আৰম্ভ হ'বলগীয়া আই পি এলৰ প্ৰাকমুহূৰ্তত সংঘটিত হৈছে অভাৱনীয় ঘটনা। ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠা খেলখনৰ বাবে সকলো দল মুম্বাইত উপস্থিত হৈছিল। কিন্তু ইয়াৰ মাজতে ঘটিল শিলগুটি নিক্ষেপৰ ঘটনা। অভিযোগ অনুসৰি, কালি কেইজনমান লোকে আহি আই পি এলৰ দিল্লী কেপিটেল দলটোৰ (Delhi Capital IPL team) সদস্যক অনা-নিয়াৰ বাবে ঠিক কৰা এখন বাছত আক্ৰমণ কৰে। বাছখন মুম্বাইৰ এখন বিলাসী পঞ্চতাৰকা হোটেলৰ বাহিৰত ৰখাই থোৱা অৱস্থাত শিলগুটি-ইটাৰে বাছখনত আক্ৰমণ কৰে (bus allegedly attacked by miscreants)।

এই ঘটনাৰ সৈতে কোন জড়িত, সেয়া বিতংকৈ প্ৰকাশিত হোৱা নাই যদিও একাংশ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ঘটনাত  মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ সদস্য জড়িত আছে।

সূত্ৰ অনুসৰি, কালি মাজনিশা মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ পৰিবহণ শাখাৰ সংগঠন বাহাটুক সেনাৰ  (MNS-Vahatuk Sena (Transport Wing)) লোকে প্ৰতিবাদকাৰীৰ ৰূপত আহি তেওঁলোকৰ দাবী উত্থাপন কৰি বাছখনৰ সন্মুখৰ গ্লাছত পোষ্টাৰ লগাইছিল। দলটোৱে তেওঁলোকৰ দাবীক লৈ শ্লোগান দিয়ে।

উল্লেখ্য,  আই পি এল দল ( Indian Premier League) কঢ়িওৱাৰ বাবে বাহিৰৰ পৰা বাছ ভাৰা কৰি অনাৰ বাবে এই বিবাদ হোৱা বুলি সূত্ৰত প্ৰকাশ। আই পি এলৰ দল অনা-নিয়াৰ বাবে দিল্লীৰ এটা কোম্পানীক ঠিকা দিয়া হৈছিল যদিও সংগঠনটোৱে এই ঠিকা মহাৰাষ্ট্ৰৰ কোম্পানীক দিয়াৰ দাবী উত্থাপন কৰিছিল। এ এন আইৰ সূত্ৰ অনুসৰি আৰক্ষীয়ে ঘটনাটোক লৈ ভাৰতীয় দণ্ডবিধিৰ অধীনত ১৪৩, ১৪৭, ১৪৯, ৪২৭ ধাৰাত গোচৰ ৰুজু কৰিছে।

Post a Comment

0 Comments